- গোলাঘাটৰ কুখ্যাত ড্ৰাগছ মাফিয়া জ'জ' ওৰফে মৃণাল গগৈৰ আত্মসমৰ্পণ
- মহিলাৰ পোছাক পৰিধান কৰি গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হৈ আত্মসমৰ্পণ কৰে
- মহিলাৰ গাউন পিন্ধি আদালতত হাজিৰ হয় জ'জ'
- সঞ্জীৱ গোস্বামী নামৰ যুৱকজনৰ হত্যাত জড়িত থকা বুলি সঞ্জীৱৰ মাতৃয়ে গোলাঘাট আৰক্ষী থানাত গোচৰ তৰিছিল
- জ'জ'ৰ ড্ৰাগছৰ ঘাটিত অত্যাধিক ড্ৰাগছ সেৱন কৰাই সঞ্জীৱক হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছিল
- আদালতত আত্মসমৰ্পণ কৰাৰ পাছত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জ'জ'ক ২৪ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে
গোলাঘাটৰ কুখ্যাত ড্ৰাগছ মাফিয়াৰ আত্মসমৰ্পণ - ড্ৰাগছ মাফিয়া
গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হৈ আত্মসমৰ্পণ কৰে কুখ্যাত ড্ৰাগছ মাফিয়া জ'জ' ওৰফে মৃণাল গগৈয়ে ৷
গোলাঘাটৰ কুখ্যাত ড্ৰাগছ মাফিয়াৰ আত্মসমৰ্পণ
- গোলাঘাটৰ কুখ্যাত ড্ৰাগছ মাফিয়া জ'জ' ওৰফে মৃণাল গগৈৰ আত্মসমৰ্পণ
- মহিলাৰ পোছাক পৰিধান কৰি গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হৈ আত্মসমৰ্পণ কৰে
- মহিলাৰ গাউন পিন্ধি আদালতত হাজিৰ হয় জ'জ'
- সঞ্জীৱ গোস্বামী নামৰ যুৱকজনৰ হত্যাত জড়িত থকা বুলি সঞ্জীৱৰ মাতৃয়ে গোলাঘাট আৰক্ষী থানাত গোচৰ তৰিছিল
- জ'জ'ৰ ড্ৰাগছৰ ঘাটিত অত্যাধিক ড্ৰাগছ সেৱন কৰাই সঞ্জীৱক হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছিল
- আদালতত আত্মসমৰ্পণ কৰাৰ পাছত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জ'জ'ক ২৪ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে
Golaghat.13.06.2019
slug : as_glt_drugs mafia surrender_vis_byte_7205572
O.C. : গোলাঘাটৰ কুখ্যাত ড্ৰাগছ মাফিয়া জজ ওৰফে মৃণাল গগৈৰ আত্মসমৰ্পণ। মহিলাৰ পোছাক পৰিধান কৰি গোলাঘাটৰ মূখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হৈ আত্ম সমৰ্পন কৰে। মহিলাৰ গাউন পিন্ধি আদাৰতত হাজিৰ জজ। জজ সঞ্জীৱ গোস্বামীৰ হত্যাত জড়িত থকা বুলি সঞ্জীৱৰ মাতৃয়ে গোলাঘাট আৰক্ষী থানাত গোচৰ তৰিছিল। জ'জ'ৰ ড্ৰাগছৰ ঘাটিত অত্যাধিক ড্ৰাগছ সেৱন কৰাই সঞ্জীৱক হত্যা কৰা বুলি অভিযোগ উত্থপিত হৈছিল। আদালতত আত্ম সমৰ্পন কৰাৰ পাছত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জ'জ'ক ২৪ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, গোলাঘাটৰ কুখ্যাত দ্ৰাগছ মাফিয়া জ'জ'ৰ ড্ৰাগছৰ ঘাটিত সঞ্জীৱৰ হত্যা কৰা বুলি মাতৃয়ে এজেহাৰ দাখিল কৰাৰ পাছতো গোলাঘাটৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা 617 / 19 নম্বৰৰ গোচৰটোত এন ডি পি এছৰ অধীনত কোনো ধাৰা লগোৱা হোৱা নাই। আনকি দিনৰ প্ৰায় দুই বজাত জ'জ' ই আদালতত আত্মসমৰ্পণ কৰাৰ পাছত এই মুহুৰ্ত্তলৈকে গোলাঘাট আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰি আবেদন নকৰাটোও অতিকৈ তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে। একদৰে জ'জ'ৰ হৈ ওকালতি নকৰিবলৈ গোলাঘাটৰ সকলো সচেতন লোক, দল সংগঠনৰ লগতে প্ৰয়াত সঞ্জীৱৰ মাতৃ ৰুণু গোস্বামীয়ে অধিবক্তা সকলক বাৰম্বাৰ আহ্বান জনায় অহাৰ পাছতো গোলাঘাটৰ অধিবক্তা যুগান্তৰ বিজয় দত্ত অপৰাধীৰ পক্ষত থিয় হোৱা বিষয়টোৱেও সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাংবাদিকে অধিবক্তা গৰাকীক এই সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে তেওঁ আইনক সহায়হে কৰিছে।
Byte-- জ'জ'ৰ অধিবক্তা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Feed send by ftp.