গোলাঘাট, 31 মে’ : গোলাঘাটত ড্ৰাগছ আসক্তৰ বিস্ফোৰক স্বীকাৰোক্তি ৷ ঘটনা অনুসৰি, মুৰফুলনী বগীজান সংযোগী গড়কাপ্তানি পথত 26 মে’ত মটৰ চাইকেলৰ সৈতে বান্ধি পেলাই থোৱা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল গৌতম বৰাইক নামৰ যুৱকজনৰ মৃতদেহ ।
এই ঘটনাটো এটা হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছিল স্থানীয় ৰাইজে ৷ ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত বগীজান আৰক্ষীৰ তদন্তত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে । আৰক্ষীয়ে সদৰি কৰা মতে, ঘটনাৰ সৈতে জড়িত মুঠ তিনিজন যুৱকক আটক কৰা হৈছে ৷ গৌতম বৰাইকৰ মৃত্যুৰ নিশা একেলগে ড্ৰাগছ সেৱন কৰিছিল যুৱক কেইজনে । অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ ফলত মৃত্যু হৈছিল গৌতম বৰাইকৰ ৷
ইফালে ড্ৰাগছ সেৱন কৰা ঠাইৰ পৰা ৰতন দে’ আৰু আইকচেং শ্যাম নামৰ ড্ৰাগছ আসক্ত যুৱক দুজনে মটৰ চাইকেলেৰে মৃতদেহটো লুকুৱাবলৈ অনা বুলি নিজ মুখে স্বীকাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে ড্ৰাগছ সৰবৰাহ চক্ৰ আৰু ড্ৰাগছ সেৱনকাৰী আন বহু কেইজন যুৱকক আৰক্ষীয়ে এতিয়াও আটক কৰিবলৈ বাকী আছে বুলি বগীজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । বগীজান আৰক্ষীয়ে ইতিমধ্যে চাবিৰ আলী, ৰতন দে’ আৰু আইকচেং শ্যামক আটক কৰিছে ।
লগতে পঢ়ক : আমগুৰিত চুলাই ঘাটি উৎখাত