ETV Bharat / state

ঠেক বাট-পথৰ বাবেই গোলাঘাটত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা - গোলাঘাটত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা

ঠেক বাট-পথৰ বাবে গোলাঘাটত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা ৷ বৰ্তমান গোলাঘাটৰ নগৰত হোৱা কোনো দুৰ্যোগৰ পৰা নগৰখন ৰক্ষা কৰাটো এনেবোৰ কাৰণৰ বাবে এক কঠিন বিষয় হৈ পৰিছে ৷

শ্ৰীমন্ত নগৰ
শ্ৰীমন্ত নগৰ
author img

By

Published : Sep 3, 2020, 7:18 PM IST

গোলাঘাট, 3 চেপ্তেম্বৰ: গোলাঘাটৰ ঠেক পথে জ্বলাকলা খুৱাইছে দুৰ্যোগৰ পৰা পৰিত্ৰাণ দিবলৈ যোৱা সংশ্লিষ্ট বিভাগক ৷ ঠেক বাট-পথৰ বাবে গোলাঘাটত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা ৷ বৰ্তমান গোলাঘাটৰ নগৰত হোৱা কোনো দুৰ্যোগৰ পৰা নগৰখন ৰক্ষা কৰাটো হৈ পৰিছে এক কঠিন বিষয় ৷ কাৰণ নগৰৰ উপ-পথসমূহৰ অৱস্থাই মানুহৰ জীৱনত ভাবুকিৰ সৃষ্টি কৰিছে ৷ কোনো দুৰ্যোগ সংঘটিত হ'লে সময়মতে সেই স্থানসমূহত আহি দুৰ্যোগৰ পৰা পৰিত্ৰাণ দিবলৈ যোৱা সংশ্লিষ্ট বিভাগৰ লোক আহি নাপালে ৰাইজে সময়ত ক্ষোভ প্ৰকাশ কৰে যদিও, গোলাঘাট নগৰৰ প্ৰান্তে প্ৰান্তে থকা ঠেক বাট-পথৰ বাবে সময়ত গৈ পোৱাটো প্ৰায় অসম্ভৱ হৈ পৰে বিভাগীয় কৰ্তৃপক্ষৰ বাবে ৷

ঠেক বাট-পথৰ বাবেই গোলাঘাটত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা

কেৱল এয়াই নহয়, গোলাঘাট নগৰত সৃষ্টি হোৱা যান-জঁটো এনে ধৰণৰ সমস্যাৰ মূল কাৰণ বুলি অভিযোগ কৰে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ৷ নগৰখনত পথৰ দুয়োকাষে বাস কৰা লোকে পথৰ ওপৰত পকী বেৰ দিয়াৰ ফলত পথটো ঠেক হৈ পৰিছে ৷ নগৰৰ মাজমজিয়াত অৱস্থিত একো একোটা এলেকাৰ পথৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে ৷ যাৰ বাবে হঠাতে সংঘটিত দুৰ্যোগ নিয়ন্ত্ৰণ কৰিবলৈ যোৱা সংশ্লিষ্ট বিভাগৰ লোকে ভিন্ন সময়ত হাৰাশাস্তি ভুগি আহিছে ৷ শেহতীয়াকৈ এনেবোৰ কাৰণৰ বাবেই গোলাঘাটৰ শ্ৰীমন্ত নগৰত সংঘটিত হোৱা অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ যোৱা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী গৈ পোৱাত পলম হয় ৷ ফলত অঞ্চলটোৰ 7 টাকৈ বাসগৃহ ভস্মীভুত হয় ৷ কিন্তু ইমানৰ পাচতো প্ৰশাসনে বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে ৷ এই সমস্যাবোৰ সমাধান কৰি ভৱিষ্যতে সকলো দুৰ্যোগৰ পৰা যাতে নগৰখন ৰক্ষা পৰে তাৰ বাবে চৰকাৰক আহ্বান জনায় ৰাইজে ৷

নগৰখনত পথৰ দুয়োকাষে বাস কৰা লোকে পথৰ ওপৰতে দিছে পকী বেৰ

লগতে পঢ়ক: গোলাঘাটৰ কমাৰগাঁৱত ১০০ গৰাকী কৃষকক বিতৰণ চৰকাৰী পাৱাৰ টিলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.