গোলাঘাট, 24এপ্ৰিলঃ গোলাঘাট জিলাৰ অন্তৰ্গত 39নং ৰাষ্ট্ৰিয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা ৷ দক্ষিণ পূব এচিয়াৰ 1নং পথ হিচাপে চিহ্নিত এই পথটো বিগত বহু বছৰ ধৰি বিধস্ত হৈ থকাৰ পাচতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৷
দক্ষিণ পূব এচিয়াৰ 7খন দেশৰ লগত সংযোগ থকা এচিয়াৰ 1 নং পথ হিচাপে চিহ্নিত কৰা 39নং ৰাষ্ট্ৰীয় ঘাই পথটোত সৃষ্টি হৈছে বৃহৎপুখুৰী সদৃশ গাঁত ৷ পথছোৱাৰ দুৰৱস্থাৰ বাবে ৰাষ্ট্ৰীয় ঘাই পথটোৰে সৰু গাড়ীৰ চলাচল প্ৰায়েই বন্ধ হৈ পৰিছে বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷ ইয়াৰোপৰি পথটোৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে সাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷ ইপিনে ৰাইজে জনোৱা অনুসৰি ৰাষ্ট্ৰীয় ঘাই পথ বিভাগলৈ প্ৰতি বছৰে পথটো মেৰামতিৰ বাবে এক বুজন পৰিমাণৰ ধন আৱন্টন হয় ৷ কিন্তু বিভাগে ঠিকাদাৰৰ সৈতে বুজাবুজি কৰি কেৱল চেণ্ডগ্ৰেভেল চতিয়াই সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ দিয়ে স্থানীয় ৰাইজে ৷ সেয়ে ৰাইজে অতি সোনকালে 39 নং ৰাষ্ট্ৰীয় ঘাই পথটো মেৰামতি কৰাৰ লগতে যাতায়তৰ সু-ব্যৱস্থা কৰি দিবৰ বাবে চৰকাৰক আহ্বান জনায় ৷