ETV Bharat / state

বানৰ কৱলত পৰা অঞ্চল পৰিদৰ্শন বিধায়ক মৃনাল শইকীয়াৰ

ভদীয়া বানে খুমটাই সমষ্টিৰ কেইবাটাও অঞ্চলত সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ খুমটাই সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁও এতিয়া বানৰ কৱলত ৷

Dergaon Flood effceted area visited by Mla Mrinal Saikia
বানৰ কৱলত পৰা অঞ্চল পৰিদৰ্শন বিধায়ক মৃনাল শইকীয়াৰ
author img

By

Published : Aug 28, 2021, 9:30 PM IST

দেৰগাঁও, 28 আগষ্ট : ভদীয়া বানে ধেমাজি, লখিমপুৰৰ লগতে গোলাঘাট জিলাৰ দেৰগাঁৱৰ লগতে খুমটাই সমষ্টিৰ কেইবাটাও অঞ্চলত সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ বিশেষকৈ খুমটাই সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁও এতিয়া বানৰ কৱলত ৷ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চলৰ লোকসকলৰ ঘৰবাৰীৰ লগতে খেতি-পথাৰ সমূহ সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ডুব গৈছে ৷

ইফালে, বানৰ ভয়াবহতাৰ বাবে শতাধিক লোকে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ৷ সমান্তৰালভাৱে পশুধনক লৈয়ো হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে কৃষক ৰাইজৰ মাজত ৷ কিয়নো চৰণীয়া পথাৰবোৰ পানীত ডুব গৈ থকাৰ ফলত পশুধনৰ খাদ্য সংকটে দেখা দিছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: OLX ত সামগ্ৰী ক্ৰয় অথবা বিক্ৰী কৰোঁতে হওক সাৱধান

ইয়াৰ মাজতে খুমটাই সমষ্টিৰ বান পৰিস্থিতিক লৈ তৎপৰ হৈ পৰা দেখা গৈছে বিধায়ক মৃনাল শইকীয়াক ৷ বিধায়ক গৰাকীয়ে শনিবাৰে বানৰ কৱলত পৰা অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ লগতে বনপ্ৰীড়িত ৰাইজৰ সৈতে মতবিনিময় কৰে ৷

বানৰ কৱলত পৰা অঞ্চল পৰিদৰ্শন বিধায়ক মৃনাল শইকীয়াৰ

পৰিদৰ্শন কালতে বান পৰিস্থিতিৰ সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয়, বানপানীৰ ফলত বহু কেইখন গাঁৱৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈছে । বৰ্তমান ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কৱলত পৰিছে কুৰিৰো অধিক গাঁও ৷ কৃষি ভূমি পানীত ডুব যোৱাৰ লগতে পশুধনৰ খাদ্য সংকটেও দেখা দিছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷

তৎকালীনভাৱে বানক্ৰান্ত অঞ্চলৰ পশুধনৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে বিধায়ক মৃনাল শইকীয়াই । ইফালে বানৰ কৱলত পৰাৰ প্ৰত্যেকখন গাঁৱৰ ৰাইজক নিশাৰ ভাগত সতৰ্ক হৈ থাকিবলৈ স্থানীয় বিধায়ক মৃনাল শইকীয়াই আহ্বান জনাইছে ৷

লগতে পঢ়ক: অবৈধভাৱে নিযুক্তি লাভ কৰা GMC ৰ ৪০ গৰাকী কৰ্মাচাৰী বৰ্খাস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.