ETV Bharat / state

7 বছৰে মুকলি নহ'ল দেৰগাঁৱত নিৰ্মাণ হোৱা ড৹ বি আৰ আম্বেদকাৰ ভৱন - dergaon dr. b.r. ambedkar bhawan not opened

প্ৰায় 1 কোটি চৰকাৰী অনুদানৰে দেৰগাঁও নিৰ্মাণ হোৱা ড৹ বি আৰ আম্বেদকাৰ ভৱনটো আজিকোপতি ৰাইজৰ বাবে মুকলি কৰা নহ'ল ৷ যাৰ বাবে ভৱনটো মদ, ভাং, জুৱাৰ আড্ডাস্থলীলৈ ৰূপান্তৰ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় দল-সংগঠনৰ লগতে সচেতন মহলে ৷

dergaon dr. b.r. ambedkar bhawan not opened
7 বছৰে মুকলি নহ'ল দেৰগাঁৱত নিৰ্মাণ হোৱা ড৹ বি আৰ আম্বেদকাৰ ভৱন
author img

By

Published : Jun 4, 2021, 9:47 PM IST

দেৰগাঁও, 4 জুন : দেৰগাঁৱত নিৰ্মাণ হোৱা ড৹ বি আৰ আম্বেদকাৰ ভৱনটো আজিও মুকলি কৰা নহ'ল ৷ যাৰ ফলস্বৰূপে পৰিত্যক্ত আৱস্থাত পৰিছে ড৹ আম্বেদকাৰ ভৱনটো ৷ সেয়েহে ভৱনটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচতো ৰাইজৰ বাবে মুকলি কৰাৰ বিপৰীতে এই দৰে ভৱনটো পেলাই থোৱাক কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে দেৰগাঁৱৰ দল সংগঠনৰ লগতে সচেতন মহলে ৷

উল্লেখ্য যে, ২০১৪ চনত প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল দেৰগাঁৱৰ ড৹ বি আৰ আম্বেদকাৰ ভৱন ৷ স্থানীয় লোকে সদৰি কৰা মতে ভৱনটো এতিয়া মদ, ভাং, জুৱাৰ আড্ডাস্থলীলৈ ৰূপান্তৰ হৈছে ৷ তদুপৰি আনুষ্ঠানিকভাৱে ভৱনটো মুকলি হোৱাৰ পূৰ্বেই চিৰালফাঁট মেলিছে ভৱনটোৰ পকী বেৰৰ বিভিন্ন অংশত । লগতে কোনো অচিনাক্ত দুৰ্বৃত্তই খিড়িকীৰ গ্লাচবোৰওৱ ভাঙি পেলাইছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।

মুকলি নহ'ল দেৰগাঁৱত নিৰ্মাণ হোৱা ড৹ বি আৰ আম্বেদকাৰ ভৱন

এনেদৰে চৰকাৰৰ বৃহৎ অনুদানেৰে নিৰ্মাণ হোৱা এই ভৱনটো কোনো ধৰণৰ ৰক্ষণাবেক্ষণ নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে অনুসুচিত জাতি ছাত্র সন্থাৰ লগতে অন্যান্য দল সংগঠন সমুহে । এই ক্ষেত্ৰত বিধায়ক ভৱেন ভৰালীক বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি সোনকালে সংবিধান প্ৰণেতাজনৰ প্ৰতি সন্মান জনাই ভৱনটো ৰাইজৰ বাবে মুকলি কৰিবলৈ দাবী জনাইছে অনুসূচিত জাতি ছাত্ৰ সন্থাই।

লগতে পঢ়ক: পুনৰ চিকিৎসাধীন ক্ৰীড়া তাৰকা মিলখা সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.