গোলাঘাট,10 মে’: গোলাঘাট জিলাৰ মুৰফুলনীৰ তেঙাহুলা দৈগ্ৰোঙ নৈত উদ্ধাৰ এটা মৃতদেহ । মৃতদেহটো ২নং মুৰফুলনী অঞ্চলৰ পাৰলোচ জযোৱাৰৰ বুলি চিনাক্ত কৰা হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, তিনিদিন ধৰি নিখোজে হৈ আছিল লোকজন । তিনিদিন পূৰ্বে মুৰফুলনী অঞ্চলৰে তিনিজন লোকৰ সৈতে সুৰাপান কৰিবলৈ গৈছিল লোকজন ।
আনহাতে, পৰিয়াল আৰু স্থানীয় লোকৰ সন্দেহ লগৰ কেইজনে হত্যা কৰিছে লোকজনক । ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।