সৰুপথাৰ, 28 অক্টোবৰঃ বিগত চাৰিদিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ধনশিৰি নৈৰ জলস্তৰ ৷ দেওবাৰে ধনশিৰি নৈৰ বাঢ়নী পানী বিপদসীমা পাৰ হৈ বুৰাই পেলালে বোকাজান,চুঙাজানৰ বিস্তীৰ্ণ অঞ্চল ৷ বাঢ়নী পানীয়ে বোকাজান আৰু চুঙাজানৰ মাজৰ ৰেলপথ বুৰাই পেলোৱাৰ ফলত সকলো ধৰণৰ যাত্ৰীবাহী আৰু মালবাহী ট্ৰেইনৰ চলাচল বন্ধ কৰিছে ৰেল বিভাগে ৷ ইয়াৰ ফলত উজনি আৰু নামনি অসমৰ ৰেল সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ৷
লগতে পঢ়ক আদিত্য ঠাকৰেৰ উপ-মুখ্যমন্ত্ৰীৰ প্ৰস্তুাৱত মান্তি হ'ব লাগে শিৱসেনাঃ ৰামদাস আঠাৱলে
ইপিনে,ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে মানুহৰ ঘৰ দুৱাৰৰ লগতে বিস্তীৰ্ণ কৃষিভূমি ৷ ধনশিৰি নৈৰ কালৰূপত এতিয়া পানীত হাঁহ নচৰা অৱস্থা ধনশিৰিৰ দাতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ ৷ জলসম্পদ বিভাগে কেৱল পৰিস্থিত বুজ লৈ দায়িত্ব সামৰাৰ অভিযোগ ৰাইজৰ ৷