ETV Bharat / state

অচিনাক্ত কীটে এফালৰ পৰা ধ্বংস কৰিছে খেতিৰ ফচল

এবিধ অচিনাক্ত কীটে এফালৰ পৰা ধ্বংস কৰিছে কমাৰগাঁৱৰ বৰপাকৰ কৃষক সকলৰ খেতিৰ ফচল ৷ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে কৃষকৰ মাজত ৷

author img

By

Published : Sep 20, 2020, 6:09 PM IST

খেতিৰ ফচল
খেতিৰ ফচল

গোলাঘাট, 20 ছেপ্তেম্বৰ: কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতে কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা ৷ বান আৰু কৰ'ণাই জুৰুলা কৰা কমাৰগাঁৱৰ বৰপাকৰ কৃষক সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ বান আৰু কৰ'ণাৰ সমান্তৰালভাৱে এইবাৰ তেওঁলোকৰ মাজত দেখা দিছে আন এক সমস্যাই ৷ এবিধ অজান পোকে নিঃশেষ কৰিছে বৃহত্তৰ অঞ্চলটোৰ খেতিপথাৰসমূহ ৷

অচিনাক্ত কীটে এফালৰ পৰা ধ্বংস কৰিছে খেতিৰ ফচল

এফালৰ পৰা সোনালী ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ হোৱা পথাৰ বিনষ্ট কৰি গৈছে অচিনাক্ত কীটে ৷ শ শ বিঘা খেতি মাটি এতিয়া সেউজীয়াৰ পৰা হৈছেগৈ বগা ৷ পথাৰত অচিনাক্ত কীটৰ আক্ৰমণ দেখিও নিৰুপায় হৈ বহি থাকিবলগীয়া হৈছে কৃষক ৰাইজ ৷ কৃষি বিভাগৰ সৈতে যোগাযোগ কৰি ভাগৰি পৰিছে তেওঁলোক ৷ ৰাইজৰ অভিযোগ গাঁৱলৈ নাহে কৃষি বিভাগৰ লোক ৷ কৃষি বিভাগৰ লোকৰ পৰামৰ্শ অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰা হ'লে তেওঁলোকে পোকৰ পৰা পৰিত্ৰাণ পালে হেতেন বুলি সম্ভাৱনা দৰ্শায় কৃষকসকলে ৷ বিজ্ঞানসন্মতভাৱে নহয়, উপায়ন্তৰ কৃষকে এতিয়া কৃষি বিভাগৰ লোক অহালৈ বাট নাচাই জেং, জেওৰা লৈ যেনকৈ পাৰে তেনেকৈ পথাৰৰ পৰা পোক খেদাত ব্যস্ত হৈ পৰিছে ৷ কৃষকসকল ক্ষোভিত হৈ পৰিছে কৃষি মন্ত্ৰীৰ লগতে কৃষি বিভাগৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: অসম আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ দিল্লীৰ পৰাই তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.