ETV Bharat / state

ৰাজ্যৰ ক'ভিড পৰিস্থিতি এতিয়াও ভাল নহয় : কেশৱ মহন্ত - keshav mahanta visit covid vaccine centre

গোলাঘাট জিলাৰ ক'ভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ তেওঁ কয়, ৰাজ্যত ক'ভিড পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই ৷ পৰৱৰ্তী ক'ভিড নিৰ্দেশনা জাৰি নকৰালৈকে গোলাঘাট জিলাত আংশিক ল'কডাউন বাহাল থাকিব ৷

Covid Vaccine Centre
ৰাজ্যৰ ক'ভিড পৰিস্থিতি এতিয়াও ভাল নহয় : কেশৱ মহন্ত
author img

By

Published : Jun 22, 2021, 7:30 PM IST

গোলাঘাট, 22 জুন : মঙলবাৰে গোলাঘাট জিলাৰ ক'ভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷ ক'ভিড ভেকচিন কেন্দ্ৰৰ সামগ্ৰীক পৰিস্থিতি বুজ লোৱা উদ্দেশ্যে গোলাঘাটত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ গোলাঘাটৰৰ স্প'ৰ্টচ কমপ্লেক্সত থকা ক'ভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰি সামগ্ৰীক পৰিস্থিতিৰ বুজ লয় ।

এই পৰিদৰ্শন কালতে সাংবাদিকৰ আগত কেইবাটাও মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ তেওঁ কয়, গোলাঘাট জিলাত ভেকচিন প্ৰদানৰ ক্ষেত্ৰত যোৱা কালি 10 হাজাৰ লোকৰ লক্ষ্য বান্ধি লোৱা হৈছিল ৷ কিন্তু যোৱা কালি 12 হাজাৰ লোকক ভেকচিন প্ৰদান কৰা হয় ৷ আজিও ভেকচিন প্ৰদান কৰা লোকৰ সংখ্যা 10 হাজাৰ ওপৰতে থাকিব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

ৰাজ্যৰ ক'ভিড পৰিস্থিতি এতিয়াও ভাল নহয় : কেশৱ মহন্ত

উল্লেখ্য যে, 21 জুনৰ পৰা চৰকাৰে ব্যাপক ভেকচিন প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ যোৱা কালি ৰাজ্যখনত সৰ্বমুঠ 26 লাখ লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হয় ৷

সাংবাদিকৰ আগত কেশৱ মহন্তই কয়, বৰ্তমান ৰাজ্যত ক'ভিডৰ সৈতে মোকামিলা কৰিবলৈ পৰ্যাপ্ত পৰিমানৰ ভেকচিন, অক্সিজেন মজুত আছে ৷ ল'ক ডাউনৰ সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

"পৰৱৰ্তী ক'ভিড নিৰ্দেশনা জাৰি নকৰালৈকে গোলাঘাট জিলাত আংশিক ল'কডাউন বাহাল থাকিব ৷ এতিয়াও ৰাজ্যত ক'ভিড পৰিস্থিতি অপৰিবৰ্তীত হৈ আছে ৷ ৰাজ্যৰ কেইবাখনো জিলাত ক'ভিড সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পাই আহিছে ৷" সাংবাদিকৰ আগত এইদৰে কয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়ক: মন্ত্ৰী পীযুষ হাজৰিকাৰে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.