ETV Bharat / state

কৰ’ণা মুক্ত গোলাঘাট জিলা !

author img

By

Published : May 9, 2020, 3:21 PM IST

গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বৰ্তমান খালী হৈ ৰৈছে কোৱাৰেণ্টাইন গৃহ । জিলাখনত কৰ’ণা ভাইৰাছত আক্ৰান্ত ব্যক্তিসকল সুস্থ হৈ উঠাৰ ফলত ঘৰলৈ যাবলৈ দিয়ে জিলা প্ৰশাসনে ৷

Covid 19 free golaghat civil hospital till nine may assam etv bharat news
কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়

গোলাঘাট,9 মে’ঃ সম্প্ৰতি একপ্ৰকাৰ কৰ’ণা মুক্ত অসমৰ গোলাঘাট জিলা ৷ জিলাখনৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বৰ্তমান কোৱাৰেণ্টাইনত নাই এজনো ৰোগী । ৰাজ্যৰ ভিতৰতে সৰ্বাধিক Covid 19 ত আক্ৰান্ত ৰোগী ধৰা পৰিছিল জিলাখনত । প্ৰায় ন গৰাকী ৰোগীৰ শৰীৰত ধৰা পৰিছিল Covid 19 ৰ উপস্থিতি । এই ৰোগীসকলৰ অধিকাংশই চিকিৎসাৰ পিছত আৰোগ্য লাভ কৰাত বিগত 18 এপ্ৰিলত স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত চাৰিগৰাকী ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হয় । পৰৱৰ্তী সময়ত অৰ্থাৎ 26 এপ্ৰিলত কৰা স্বাস্থ্য পৰীক্ষাত ফলাফল নিগেটিভ অহাৰ বাবে অন্য চাৰিজনক আৰু 1 মে’ত এগৰাকীক জিলা উপায়ুক্তই উপহাৰ প্ৰদান কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে ৷

কৰ’ণা মুক্ত গোলাঘাট জিলা !

ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰা ন গৰাকী ব্যক্তিক চহৰখনৰ এটা বিবাহ ভৱনত ফেচিলেট কোৱাৰেণ্টাইনত ৰখা হৈছিল । বৰ্তমান বিবাহ ভৱনটোত পাঁচজন ব্যক্তি ফেচিলেট কোৱাৰেণ্টাইনত আছে । ইয়াৰ বিপৰীতে চিকিৎসালয়ত নাই এজনো ভাইৰাছবিধত আক্ৰান্ত ৰোগী । এই খবৰে গোলাঘাটবাসীক যথেষ্ঠ উৎসাহিত কৰিছে । আনহাতে, বহিঃৰাজ্য আৰু অন্য জিলাৰ পৰা অহা বহু লোকক হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৷

লগতে চাওকঃ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা গুৱাহাটী দন্ত মহাবিদ্যালয়ৰ চিকিৎসালয় এলেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.