ETV Bharat / state

বেঙেনাখোৱা গাঁও পঞ্চায়তত এনেৰেগা আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

পঞ্চায়ত খনত জবকাৰ্ড বিচাৰি আবেদন জনোৱা প্ৰকাশ প্ৰতীম বৰা নামৰ ব্যক্তিগৰাকীৰ বেংকৰ একাউণ্টত জবকাৰ্ডৰ কোনো কাম নকৰাকৈয়ে সোমাইছিল 2100 টকা ৷ ইয়াৰ পিছতেই ব্যক্তিগৰাকীয়ে পঞ্চায়তৰ ৱেব চাইটত এই সন্দৰ্ভত অধিক তথ্য যুগুত কৰে আৰু পোহৰলৈ আহে দুৰ্নীতিৰ ভয়ংকৰ তথ্য ৷ পঞ্চায়ত কৰ্মীৰ আত্মীয়ৰ নামত থকা জবকাৰ্ডত কাম নকৰাকৈয়ে ধন লাভ কৰাৰ বিপৰীতে জবকাৰ্ডৰ কাম কৰিও একাংশই লাভ কৰা নাই ধন।

author img

By

Published : Aug 21, 2020, 5:50 PM IST

Corruption in the name of NREGA  scheme in Bengenakhua gaon panchayat
বেঙেনাখোৱা গাঁও পঞ্চায়তত এনেৰেগা আঁচনিৰ নামত ব্যাপক দুৰ্নীতি

গোলাঘাট, 21আগষ্টঃ দুৰ্নীতিমুক্ত চৰকাৰৰ শাসনৰ সময়তে সংঘটিত হৈছে দুৰ্নীতি ৷ লাখ টকাৰ দুৰ্নীতি নহয়, কেইবা কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ এই দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে গোলাঘাটৰ বেঙেনাখোৱা গাঁও পঞ্চায়তত ৷ অভিযোগ অনুসৰি পঞ্চায়তখনৰ প্ৰতিটো ৱাৰ্ডতে এনেৰেগা আঁচনিৰ নামত চলিছে লুণ্ঠন ৷ যাৰ পৰিপ্ৰেক্ষিতত বেঙেনাখোৱা পঞ্চায়তৰ সভাপতি, সচিব, কম্পিউটাৰ সহায়ক আৰু ৱাৰ্ড মেম্বাৰকে ধৰি মুঠ 24 গৰাকী লোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷ জানিব পৰা মতে, পঞ্চায়ত খনত জবকাৰ্ড বিচাৰি আবেদন জনোৱা প্ৰকাশ প্ৰতীম বৰা নামৰ ব্যক্তিগৰাকীৰ বেংকৰ একাউণ্টত জবকাৰ্ডৰ কোনো কাম নকৰাকৈয়ে সোমাইছিল 2100 টকা ৷ ইয়াৰ পিছতেই ব্যক্তিগৰাকীয়ে পঞ্চায়তৰ ৱেব চাইটত এই সন্দৰ্ভত অধিক তথ্য যুগুত কৰে আৰু পোহৰলৈ আহে দুৰ্নীতিৰ ভয়ংকৰ তথ্য ৷ পঞ্চায়ত কৰ্মীৰ আত্মীয়ৰ নামত থকা জবকাৰ্ডত কাম নকৰাকৈয়ে ধন লাভ কৰাৰ বিপৰীতে, জবকাৰ্ডৰ কাম কৰিও একাংশই লাভ কৰা নাই ধন।

ইপিনে,গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ বিৰুদ্ধেও একাংশই অভিযোগ উত্থাপন হৈছে ৷ বিধায়িকা গৰাকীৰ আশীষপুষ্ট বাবেই পঞ্চায়ত খনৰ বিষয়া-কৰ্মচাৰীয়ে এইদৰে লুণ্ঠনৰাজ চলায় অহাৰ অভিযোগ কৰে ৷ উল্লেখযোগ্য যে,দুৰ্নীতিৰ অভিযোগত ইতিমধ্যে পঞ্চায়ত খনৰ সচিব আৰু কম্পিউটাৰ সহায়কক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইয়াৰ উপৰি বাকী 22 গৰাকীকৈ লোকে বৰ্তমানে জামিন বিচাৰি কাষ চাপিছে আদালতৰ ৷ উল্লেখযোগ্য যে, পঞ্চায়ত খনৰ দুগৰাকী বিজেপিৰ ৱাৰ্ড মেম্বাৰো এই দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে,আজি সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দেখি পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা পলায়ন কৰে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীয়ে।

লগতে পঢ়কঃসামাজিক মাধ্যমত আলফাৰ প্ৰচাৰ কৰি আটক যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.