ETV Bharat / state

দেৰগাঁৱত পাৰিবাৰিক কণ্ডলে ল'লে হিংসাত্মক ৰূপ

author img

By

Published : Jul 12, 2020, 4:35 PM IST

গোলাঘাটত জিলাৰ দেৰগাঁৱত এক পাৰিবাৰিক কণ্ডলে ল'লে এক হিংসাত্মক ৰূপ । দেওবাৰে সংঘটিত এই হিংসাত্মক ঘটনাত আহত হ'ল মুস্তাখিজুৰ ৰহমান নামৰ এজন লোক । ঘৰুৱা অশান্তিৰ ফলতে দুই ভাতৃৰ মাজত সংঘটিত হ'ল চোকা অস্ত্ৰৰে আক্ৰমণৰ এই ঘটনাটো ।

conflict in family : one injured
দেৰগাঁৱত পাৰিবাৰিক কণ্ডলে ললে হিংসাত্মক ৰূপ

দেৰগাঁও,১২জুলাই: পাৰিবাৰিক কণ্ডলৰ শেষ পৰিণতি হিচাপে ককায়েকে চোকা অস্ত্ৰৰে ডিঙিত আক্ৰমণ কৰিলে মুস্তাখিজুৰ ৰহমান নামৰ ব্যক্তিজনক । দেৰগাঁৱৰ তিনি নম্বৰ গেটত সংঘটিত আক্ৰমণৰ এই ঘটনাত গুৰুতৰভাৱে আহত মুস্তাখিজুৰক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ইফালে ভাতৃক আক্ৰমণ কৰা মুস্তাফিজুৰক স্থানীয় লোকে ধৰি উত্তম-মাধ্যম সোধাই চমজাই দিলে আৰক্ষীক । উল্লেখ্য যে, মুস্তাফিজুৰ নামৰ আক্ৰমণকাৰীটোৰ বিৰুদ্ধে পূৰ্বৰো আছে বহুকেইটা অভিযোগ ।

লগতে পঢ়ক : ইটিভি EXCLUSIVE : অসমৰ ক'ভিড সম্পৰ্কত স্বাস্থ্য মন্ত্ৰীৰ দাবীৰ বিপৰীত দৃশ্য কেন্দ্ৰীয় প্ৰতিবেদনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.