ETV Bharat / state

সৰুপথাৰত হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষণৰ সামৰণি

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 9:28 AM IST

সৰুপথাৰত ONGC ৰ CSR প্ৰজেক্টৰ উদ্যোগত অনুষ্ঠিত কৰাা হয় হস্ততাঁত বস্ত্ৰ শিল্পৰ ৯০ দিনীয়া প্ৰশিক্ষণ । মঙলবাৰে অন্ত পৰে এই প্ৰশিক্ষনৰ । শুৱালকুচি ফেশ্বন টেকন'লজি অনুষ্ঠানৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষনত ৮০ গৰাকী মহিলাক জেকাৰ্ড মেচিন সম্বলিত তাঁতশালৰ যোগেদি প্ৰশিক্ষণ দিয়া হয় ।

Completion of training in handloom textile Sarupathar
সৰুপথাৰত হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষণৰ সামৰণি
সৰুপথাৰত হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষণৰ সামৰণি

সৰুপথাৰ,২২ নৱেম্বৰ : যোৰহাট ONGC ৰ CSR প্ৰজেক্টৰ উদ্যোগত তথা শুৱালকুচি ফেশ্বন টেকন'লজি অনুষ্ঠানৰ সহযোগত সৰুপথাৰ অঞ্চলৰ খনিকৰ গাঁৱত নব গগৈৰ তত্বাবধানত অনুষ্ঠিত হোৱা হস্ততাঁত বস্ত্ৰ শিল্পৰ ৯০ দিনীয়া প্ৰশিক্ষণৰ সফলতাৰে অন্ত পৰে। এই প্ৰশিক্ষণত গ্ৰমাঞ্চলৰ প্ৰায় ৮০ গৰাকী মহিলাক জেকাৰ্ড মেচিন সম্বলিত তাঁতশালৰ যোগেদি প্ৰশিক্ষণ দিয়া হয় ।

শুৱালকুচি ফেশ্বন টেকন'লজি অনুষ্ঠানৰ অধ্যক্ষা নিৰাঞ্জলি কাকতি আৰু মাষ্টাৰ ট্ৰেইনাৰ জিন্তু শৰ্মাসহ কেইবাগৰাকীও প্ৰশিক্ষকে মহিলাসকলক জেকাৰ্ড মেচিনৰ জড়িয়তে তাঁতশালত কম সময়ৰ ভিতৰতে কাপোৰত ফুল বচা, সময়ৰ উপযোগীকৈ বিভিন্ন ডিজাইনেৰে মেখেলা-চাদৰ আৰু গামোছাৰ উপৰিও বৰ্তমান সময়ত বজাৰত সৰ্বাধিক প্ৰচলিত শাৰী, বিচনা চাদৰ, টেবুল ক্লথ ইত্যাদি প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰে ।

ONGC য়ে গ্ৰামাঞ্চলৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবৰ বাবে শুৱালকুচি ফেশ্বন টেকন'লজি অনুষ্ঠানৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাৰ দ্বাৰা মহিলাসকল যথেষ্ট পৰিমাণে উপকৃত হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে । অনাগত দিনত মহিলাসকলে নিজাববীয়াকৈও এই কৰ্মৰ জড়িয়তে স্বাৱলম্বী হোৱাৰ লগতে গ্ৰামাঞ্চলৰ আন আন মহিলাসকলকো এইসমূহৰ প্ৰতি আকৰ্ষিত কৰি আত্মনিৰ্ভৰশীল হ'ব পাৰিব ।

কৰ্মশালাৰ অন্তত মঙলবাৰে প্ৰশিক্ষণপ্ৰাপ্ত সকলো শিপিনীকে আনুষ্ঠানিকভাৱে প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত শুৱালকুছি ফেশ্বন টেকন'লজিৰ অধ্যক্ষা নিৰাঞ্জলি কাকতিকে প্ৰমুখ্যে কৰি যোৰহাট চিনামৰাস্থিত অএনজিচিৰ বেচিন মেনেজাৰ বিশাল শাস্ত্ৰী, ধনশিৰি মহকুমাৰ মহকুমাধিপতি চৈয়দ ৱাজবীৰ সুভানী, চি এচ আৰৰ অধ্যক্ষ, সৰুপথাৰ হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ বিষয়াকে ধৰি শিপিনীসকল উপস্থিত থাকে ।

লগতে পঢ়ক : কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ ট্ৰফী উন্মোচন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.