গোলাঘাট,২৩ মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজ্যৰ প্ৰতিটো সমষ্টিতে চলিছে নিৰ্বাচনী প্ৰচাৰৰ যুদ্ধ । ইয়াৰ মাজতে অসমলৈ ইজনৰ পিছত আনজন ভিআইপি নেতাৰ আগমন ঘটিছে । বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহকে ধৰি কেইবাগৰাকী দলৰ শীৰ্ষ নেতাৰ ।
কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈও অসমত নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীয়ে । ঠিক তেনেদৰে আন দলসমূহৰো শীৰ্ষ নেতৃত্বই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ চলোৱা দেখা গৈছে । নিজৰ লগতে দলৰ আন আন প্ৰাৰ্থীৰ হৈও প্ৰচাৰ চলাইছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
মঙলবাৰে গোলাঘাটত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে । শেহতীয়াকৈ বিজেপিত যোগদান কৰি গোলাঘাট সমষ্টিৰ বাবে টিকট লাভ কৰা অজন্তা নেওগৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে । সেই উদ্দেশ্যে গোলাঘাট সমষ্টিৰ ফৰকাটিং হাইস্কুল খেলপথাৰত এক বিশাল সভাৰ আয়োজন কৰা হৈছে ।