ETV Bharat / state

দুটা ভাগত বিভক্ত সদৌ তাই আহোম ছাত্ৰ সন্থা - ATASU

ATASU Split: আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে গঠন হোৱা সদৌ তাই আহোম ছাত্ৰ সন্থা দুভাগত বিভিক্ত হ'ল । গোলাঘাট জিলাৰ মূল সমিতিৰ প্ৰতি মোহভংগ হৈ গঠন কৰা হ'ল এক স্বতন্ত্ৰ সমিতি । সভাপতিয়ে খেয়াল-খুচিমতে সংগঠন চলোৱাৰ অভিযোগ একাংশৰ ।

Golaghat ATASU clashes
দুটা ভাগত বিভক্ত সদৌ তাই আহোম ছাত্ৰ সন্থা
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 7:59 PM IST

দুটা ভাগত বিভক্ত সদৌ তাই আহোম ছাত্ৰ সন্থা

গোলাঘাট,৬ জানুৱাৰী : সদৌ তাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) ভিতৰচ'ৰাত পুনৰ কন্দল আৰম্ভ হৈছে । পৰিণতি স্বৰূপে আটাছুৰ গোলাঘাট জিলা সমিতি দুটা ভাগত বিভক্ত হ'ল । নতুনকৈ গঠন কৰা হ'ল সদৌ তাই আহোম ছাত্ৰ সন্থা স্বতন্ত্ৰ ।

উল্লেখ্য যে আহোম জনগোষ্ঠীৰ এটাৰ পাছত আন এটা সংগঠনৰ মাজত বৃহৎ কন্দল দেখা দিছে । এইবাৰ গোলাঘাটত সদৌ তাই আহোম ছাত্ৰ সন্থা দুটা ভাগত বিভক্ত হ'ল । সংগঠনটোৰ সভাপতিয়ে সংগঠনৰ সংবিধান উলংঘা কৰি নিজৰ মইমতালিৰে সংগঠন পৰিচালনা কৰাৰ গুৰুত্বৰ অভিযোগ কৰিছে নতুনকৈ গঠন হোৱা তাই আহোম ছাত্ৰ সন্থা স্বতন্ত্ৰৰ সভাপতি ভীমকান্ত বুঢ়াগোহাঁইয়ে ।

গোলাঘাট প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এক সংবাদমেলত সভাপতিগৰাকীয়ে অভিযোগ কৰিছে যে ২০১৮ চনত আটাছু গোলাঘাট জিলা সমিতি গঠন কৰা হৈছিল । তাৰ পাছৰে পৰা এতিয়ালৈ কোনোধৰণৰ সাধাৰণ সভা বা প্ৰতিনিধি সভা অনুষ্ঠিত নকৰাৰ অভিযোগ কৰিছে সভাপতিগৰাকীয়ে । ২০২২ চনত খুমটাইত আটাছুৰ জিলা অধিবেশন অনুষ্ঠিত কৰা হৈছিল যদিও অধিবেশনত প্ৰতিনিধি সভা নোহোৱাকৈ সাধাৰণ সভা অনুষ্ঠিত কৰি দুবছৰলৈ কাৰ্যকাল বৃদ্ধি কৰে ।

ইফালে চৰাইদেউত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় অধিবেশনৰ পূৰ্বে জিলা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰিবলৈ ডিচেম্বৰত কেন্দ্ৰীয় সমিতিৰ পৰা পত্ৰ প্ৰেৰণ কৰিছিল যদিও জিলা সভাপতিগৰাকীয়ে নিজৰ খেয়াল-খুচি মতে যোৱা ৪ জানুৱাৰীত আটাছু গোলাঘাট জিলাৰ মুখ্য কাৰ্যালয়ত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি কেন্দ্ৰীয় প্ৰতিনিধি প্ৰেৰণ কৰে । যাৰ বাবে ক্ষোভ প্ৰকাশ কৰে আন নেতা-কৰ্মীসকলে ।

ইয়াৰ উপৰিও কিছুদিন পূৰ্বে গোলাঘাট সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা কেন্দ্ৰীয় শ্বহীদ দিৱসৰ খৱৰো পোৱা নাই সংগঠনটোৰ একাংশ কৰ্মীয়ে । কেৱল মাত্ৰ সভাপতি আৰু তেওঁৰ কেইজনমান বিষয়ববীয়াৰ বাদে কোনো অৱগত নহয় বুলিও স্বতন্ত্ৰ সংগঠনৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে । এনে কাৰ্যক ধিক্কাৰ জনাই গোলাঘাট জিলাৰ ৩৩ খন আঞ্চলিক সমিতিয়ে তাই আহোম ছাত্ৰ সন্থা স্বতন্ত্ৰ হিচাপে নতুন সংগঠনৰ ঘোষণা কৰে । অৱশ্যে তাই আহোমৰ উন্নয়নৰ বাবে গঠন হোৱা এই সংগঠনটোৰ ভিতৰৰ এনে কন্দলৰ কেতিয়া সামৰণি পৰিব সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :তিনিচুকীয়াত বেংক জালিয়াতিৰ চিকাৰ হ'ল দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.