ETV Bharat / state

জনজাতিকৰণৰ দাবীৰে সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ - chutia students union

শেহতীয়াকৈ বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বিধেয়ক গৃহীত হোৱা বিষয়ক লৈ দেওবাৰে সৰুপথাৰত ক্ষোভ প্ৰকাশ কৰিলে চুতীয়া ছাত্ৰ সন্থাই ৷

চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ
চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Sep 6, 2020, 3:03 PM IST

সৰুপথাৰ, 6 ছেপ্তেম্বৰ: দেওবাৰে সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চন্দন ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ জনজাতিকৰণৰ দাবীৰে ছাত্ৰ সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত চৰকাৰে ৰাজনীতি কৰিবলৈ লৈছে ৷ নিৰ্বাচনৰ আগতহে এই বিষয়টো তেওঁলোকে আগলৈ লৈ আনে আৰু তাৰ পাচত ভেকোভাওনা কৰিবলৈ আৰম্ভ কৰে বুলি অভিযোগ উত্থাপন কৰে ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে ৷

জনজাতিকৰণৰ দাবীৰে সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

শেহতীয়াকৈ বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বিধেয়ক গৃহীত হোৱা বিষয়ক লৈয়ো ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে ৷ জনজাতিকৰণৰ নামত চৰকাৰক ৰাজনীতি কৰিবলৈ বন্ধ কৰক, অন্যথা আগন্তুক দিনত সংগঠনটোৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: গোলাঘাটত জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.