ETV Bharat / state

বান বিধ্বস্ত কাজিৰঙা পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

দিনজোৰা কাৰ্যসূচীৰে আজি কাজিৰঙাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,কৃষি মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাক লগতে লৈ বাগৰি ৰেঞ্জৰ পৰা নৌকা যাত্ৰাৰে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ চ'ৰা পৰিভ্ৰমণ কৰে । ইয়াৰ পিছতে বন্যাৰ্ত শিবিৰত থকা বানাক্ৰান্ত সকলৰ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ১৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা অৰ্কিড পাৰ্কৰো আজি আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Chief Minister Sarbananda Sonowal's visit to Kaziranga
বান বিধ্বস্ত কাজিৰঙা পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Jul 16, 2020, 10:49 PM IST

গোলাঘাট,16 জুলাইঃ কৰ'ণা মহামাৰীৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া প্ৰলয়ংকৰী বানৰ ত্ৰাস ৷ বানত বিধ্বস্ত ৰাজ্যৰ 28 খনকৈ জিলাৰ ভিন্ন ঠাই ৷এনে সময়ত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ । তাৰে মাজতে আজি বান পৰিস্থিতিৰ বুজ ল'বলৈ কাজিৰঙাত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দিনজোৰা কাৰ্যসূচীৰে আজি কাজিৰঙাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,কৃষি মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাক লগতে লৈ বাগৰি ৰেঞ্জৰ পৰা নৌকা যাত্ৰাৰে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ চ'ৰা পৰিভ্ৰমণ কৰে । প্ৰায় এঘণ্টা জোৰা নৌকা যাত্ৰাত ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ডত আশ্ৰয় লৈ থকা জীৱ-জন্তু পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বানৰ কৱলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ জন্তুৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে দৃষ্টি ৰখা বুলি মন্তব্য কৰি ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যাপ্ত ৰূপত হাইলেণ্ডৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সাংবাদিকৰ আগত উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই ভ্ৰমণৰ সময়চোৱাত কাজিৰঙাৰ পানবাৰী স্থিত Centre for Wildlife Rehabilitation And Conservationত উপস্থিত হৈ বানত আহত হৈ চিকিৎসাধীন হৈ থকা জীৱ-জন্তুৰো স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

বান বিধ্বস্ত কাজিৰঙা পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ইয়াৰ পিছতে বন্যাৰ্ত শিবিৰত থকা বানাক্ৰান্ত সকলৰ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সম্প্ৰতি বানৰ কবলত পৰি আশ্ৰয় শিবিৰত থকা লোকসকলৰ বাবে খাদ্যৰ যোগান ধৰাৰ কথা উল্লেখ কৰি পৰ্যাপ্ত পৰিমাণে ঔষধ যোগান ধৰাৰ কথাও সাংবাদিকক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইপিনে,বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গুৰুত্ব বৃদ্ধি আৰু সৌন্দৰ্য বৃদ্ধিৰ লক্ষ্যৰে কাজিৰঙাত নিৰ্মাণ হ'ব প্ৰথম খন চৰকাৰী অৰ্কিড পাৰ্ক ৷ ১৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা অৰ্কিড পাৰ্কৰ আজি আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি অৰ্কিড পাৰ্কখন কেৱল সৌন্দৰ্য বৃদ্ধিৰ বাবেই নহয় শিক্ষাৰ লগতে গৱেষণাৰ বাবেও উপযোগী হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷

উল্লেখযোগ্য যে,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ আশী শতাংশতকৈও অধিক স্থান বানত প্লাৱিত হৈছে ৷ সমান্তৰালভাৱে কাজিৰঙাৰ বনশিবিৰৰ সংখ্যা ৭৮ টালৈ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ ইয়াৰ উপৰি বন্যপ্ৰাণীসমূহ যাতে চোৰাং চিকাৰীৰৰ কবলত নপৰে তাৰ ওপৰতো কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে উদ্যান কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ শোচনীয় ৰাজ্যৰ বান পৰিস্থিতিঃ বান-ভূমিস্খলনত মৃত্যু 92 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.