গোলাঘাট, 11 জুন: গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । গোলাঘাটৰ গান্ধী ক্ষেত্ৰত ছয় ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । গোলাঘাট জিলা ছাত্ৰ মুক্তি তিনি ছাত্ৰ নেতা আকাশ দাৱ, সত্যব্ৰত শইকীয়া, সুপ্ৰতিম ৰাজখোৱাই অনশনত ভাগ লয় । গোলাঘাটত ড্ৰাগছৰ বেহা বন্ধ কৰা, ড্ৰাগছ স্কোৱাদ টীম গঠন কৰা, ড্ৰাগছ মাফিয়াক কঠোৰ শাস্তি প্ৰদান আদি দাবীৰে পালন কৰে এই কাৰ্যসূচী ।
লগতে পঢ়ক: সন্ধান ওলাল বায়ুসেনাৰ নিৰুদ্দিষ্ট বিমানৰ
উল্লেখ্য যে শেহতীয়াকৈ গোলাঘাটত ড্ৰাগছ আসক্ত এগৰাকী যুৱকে কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় ৷ আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা ফলত এনেধৰণৰ নিতৌ ঘটনা ঘটিবলৈ ধৰা বুলি অভিযোগ কৰিছে সংগঠটোৱে । অতি সোনকালে আৰক্ষী প্ৰশাসনে ড্ৰাগছৰ বেহা বন্ধ কৰি যুব প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আহ্বান জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে ৷