ETV Bharat / state

BJP mission 2024: কলিয়াবৰ উদ্ধাৰৰ বাবে নামিছে সৰ্বানন্দ সোণোৱাল

author img

By

Published : Jul 14, 2022, 7:23 PM IST

Updated : Jul 15, 2022, 10:02 PM IST

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে (BJP gear up for 2024 Lok Sabha election)। সমগ্ৰ দেশতে বিৰোধীৰ দখলত থকা সমষ্টি সমূহ নিজৰ দখললৈ অনাৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে ‘‘মিছন 2024’’ (BJP mission 2024) ৷ ইয়াৰ অংশ হিচাপে কলিয়াবৰ লোকসভা সমষ্টিৰ তত্বাৱধায়ক হিচাপে থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৃহস্পতিবাৰে উপস্থিত হয় বোকাখাতত (Sarbananda Sonowal in Bokakhat) ।

BJP mission 2024
BJP mission 2024

বোকাখাত,14 জুলাই: 2014 আৰু 2019 ৰ দৰে 2024 তো দেশৰ মচনদ দখলৰ বাবে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে বিজেপিয়ে (BJP gear up for 2024 Lok Sabha election) ৷ 2014 ত পৰিৱৰ্তনৰ শ্ল’গানেৰে ৰাজপাট দখল কৰাৰ পাচত 2019 ত সবকা সাথ, সবকা বিকাশ শ্ল’গানেৰে পুনৰ শাসনলৈ আহে বিজেপি দল ৷ এইবাৰ পুনৰ জয়যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থত বিজেপিয়ে আৰম্ভ কৰিছে ‘‘মিছন 2024’’ (BJP mission 2024) ৷

বিজেপিৰ এই মিছনৰ অংশ স্বৰূপে সমগ্ৰ দেশতে বিৰোধীৰ দখলত থকা সমষ্টি সমূহ নিজৰ দখললৈ অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে ৷ বিজেপি সাংসদসকলক একোটাকৈ সমষ্টি ভগাই দিয়া হৈছে ৰাইজৰ মাজলৈ গৈ দলীয় প্ৰচাৰ চলোৱাৰ বাবে ৷ মুঠতে যিকোনো প্ৰকাৰে সফল কৰিব লাগে মিছন 2024 ৷ অসমতো বিজেপিয়ে এই মিছন আৰম্ভ কৰিছে (BJP Mission 2024 in Assam)৷

অসমৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত 9টা বিজেপিৰ দখলত থকাৰ বিপৰীতে কংগ্ৰেছৰ দখলত 3 টা, এ আই ইউ ডি এফৰ দখলত এটা আৰু গণ সুৰক্ষা পাৰ্টীৰ দখলত এটা সমষ্টি আছে (Assam total Lok Sabha seats) ৷

ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে অসমৰ কলিয়াবৰ, নগাঁও, বৰপেটা আৰু ধুবুৰী সমষ্টিৰ বাবে একোজনকৈ সাংসদক দায়িত্ব অৰ্পন কৰিছে ৷ কলিয়াবৰ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নগাঁৱত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বৰপেটাত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা আৰু ধুবুৰীত ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক দায়িত্ব ন্যস্ত কৰিছে বিজেপিয়ে ৷

কলিয়াবৰ উদ্ধাৰৰ বাবে ৰণক্ষেত্ৰত নামিছে সৰ্বানন্দ সোণোৱাল

কলিয়াবৰ লোকসভা সমষ্টিৰ তত্বাৱধায়ক হিচাপে থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৃহস্পতিবাৰে উপস্থিত হয় বোকাখাতত (Sarbananda Sonowal in Bokakhat) । বোকাখাত নাট্য মন্দিৰত কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক আৰু নেতা-কৰ্মীৰ উপস্থিতিত এক বুথ পৰ্যায়ৰ সাংগঠনিক সভাত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে ।

2024 ৰ লোকসভা নিৰ্বাচনক আগত ৰাখি এই সাংগঠনিক সভাত বিধায়ক, নেতা-কৰ্মী সকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় । এই বুথ সশক্তিকৰণ অনুষ্ঠানত বিজেপিৰ অসম ৰাজ্যিকৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে সাৰংগপাণি মহন্ত ৷ লগতে ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনৰ ১০ টা বিধানসভা সমষ্টিৰ প্ৰায় ডেৰ শতাধিক শীৰ্ষ নেতাৰ লগতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু সৰুপথাৰৰ বিশ্বজিৎ ফুকনো উপস্থিত থাকে আজিৰ অনুষ্ঠানত ।

একেদৰে বৰপেটাতো ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই আৰম্ভ কৰিছে মিছন 2024 ৰ কাম-কাজ ৷ বৃহস্পতিবাৰে বৰপেটাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত সাংসদগৰাকীয়ে দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰাৰ লগতে অতি শেহতীয়াভাৱে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত নৱনিৰ্মিত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকক লৈ দেশজুৰি হোৱা বিতৰ্ক সন্দৰ্ভত মত ব্যক্ত কৰে ৷

লগতে পঢ়ক: National emblem controversy: বিৰোধীক Reactionary force আখ্যা ভূৱনেশ্বৰ কলিতাৰ

Last Updated : Jul 15, 2022, 10:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.