বোকাখাত,১১ জুন: আৰক্ষীৰ চকুত ধুলি দিবলৈ গৰু চোৰৰ অভিনৱ কৌশল । আৰক্ষীয়েও ৰচিছে বেহু । প্ৰতিদিনে জালত পেলাইছে ইটোৰ পাচত সিটোকৈ চোৰাং গৰু সৰবৰাহকাৰীক(Police against smuggling of cattle) । তথাপি অতি নিৰ্দয়ভাৱে গৰুৰ সৰবৰাহ চলাই গৈছে গো-মাফিয়াই । বস্তা জপাৰ দৰে গৰু জাপি সৰবৰাহৰ চেষ্টা চলাইছে গো-মাফিয়াই ।
শুকুৰবাৰে নিশাৰভাগত এখন বলেৰ' পিক আপ ভানত আৰক্ষীৰ চকুত ধূলি দি চোৰাংভাৱে সৰবৰাহৰ চেষ্টা চলাইছিল ১১ টাকৈ গৰু । কিন্তু বোকাখাত আৰক্ষীৰ অভিযানত জালত পৰে সৰবৰাহকাৰীৰ বাহনখন । লগতে আটক কৰে বাহনখনৰ চালক আৰু সহযোগীক(Cattle smugglers trapped by police in Bokakhat) ।
আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বাহনখনত অতি নিৰ্দয়ভাৱে গৰুকেইটাক মুখ, ঠেং, ডিঙি একেলগে বান্ধি লৰচৰ কৰিব নোৱাৰাকে যোৰহাটৰ দিশৰ পৰা নগাঁৱৰ দিশে লৈ অনা হৈছিল । সাধাৰণ দৃষ্টিত খালী গাড়ী হেন দেখিলেও বস্তা জপাৰ দৰে জাপি আনিছিল গৰুকেইটা । কিন্তু বোকাখাত আৰক্ষীৰ শেন চকুৰ পৰা সাৰি যাব নোৱাৰিলে বাাহনখন ।
আৰক্ষীয়ে জব্দ কৰে AS 02 BC 3026 নম্বৰৰ বলেৰ' পিক আপ ভানখনৰ লগতে ১১ টাকৈ গৰু । লগতে বাহনখনৰ চালক আৰু সহযোগীক আটক কৰি আৰম্ভ কৰে তদন্ত । উল্লেখ্য যে এটা চক্ৰই অবৈধ ভাৱে গো-ধনৰ সৰবৰাহ অব্যাহত ৰাখিছে বোকাখাতত । নিশা হলেই নিতৌ উজনিৰ বিভিন্ন অঞ্চলৰ পৰা বোকাখাতৰ মাজেৰে নামনি অসমৰ বিভিন্ন অঞ্চললৈ অবৈধ ভাৱে গো-ধন সৰবৰাহ হোৱাৰো অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক: লখিমপুৰত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী