ETV Bharat / state

এটি দুৰ্ভগীয়া পৰিয়ালক প্ৰয়োজন আপোনাৰ সহায়

গোলাঘাট জিলাৰ বৰপথাৰৰ চাংপুল গাঁৱৰ বাবু গগৈ নামৰ লোকজন দীৰ্ঘদিনৰ পৰা আক্ৰান্ত হৈ আছে দুৰাৰোগ্য ৰোগত ৷ পত্নীসহ এটি কণমানিৰে এখন সুখৰ সংসাৰ থকা লোকজনৰ জীৱনলৈ হঠাৎ নামি অহা ধুমুহাই তচনচ কৰিলে বাবুৰ ঘৰখন ৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি থকা বাবু অসুস্থ হৈ পৰাত দেহত ধৰা পৰে দুৰাৰোগ্য কৰ্কট ৰোগৰ উপস্থিতি ৷ কিন্তু অৰ্থৰ অভাৱত বিনা চিকিৎসাই বিচনাত পৰি চটফটাই থাকিব লগীয়া হৈছে বাবু গগৈ ৷

এটি দুৰ্ভোগীয়া পৰিয়ালক প্ৰয়োজন আপোনাৰ সহায়

author img

By

Published : May 30, 2021, 3:23 PM IST

সৰুপথাৰ, 30 মে': সৰুপথাৰৰ এটি দুৰ্ভগীয়া পৰিয়াল ৷ অৰ্থৰ অভাৱে জুৰুলা কৰা পৰিয়ালটোক প্ৰয়োজন আপোনাৰ সহায়ৰ ৷ গোলাঘাট জিলাৰ বৰপথাৰৰ চাংপুল গাঁৱৰ বাবু গগৈ নামৰ লোকজন দীৰ্ঘদিনৰ পৰা আক্ৰান্ত হৈ আছে দুৰাৰোগ্য ৰোগত ৷

পত্নীসহ এটি কণমানিৰে এখন সুখৰ সংসাৰ থকা লোকজনৰ জীৱনলৈ হঠাৎ নামি অহা ধুমুহাই তচনচ কৰিলে বাবুৰ ঘৰখন ৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি থকা বাবু অসুস্থ হৈ পৰাত দেহত ধৰা পৰে দুৰাৰোগ্য কৰ্কট ৰোগৰ উপস্থিতি ৷ প্ৰায় দুমাহ পূর্বলৈকে ডিমাপুৰত চিকিৎসাধীন হৈ থকা বাবুই কৰ'ণা সৃষ্ট পৰিৱেশৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত হৈ থাকিল ৷ দৈনিক গাড়ী ভাড়া কৰি ডিমাপুৰলৈ চিকিৎসাৰ বাবে যোৱাৰ সামৰ্থ নথকা বাবুৰ পৰিয়ালে গোলাঘাটত চিকিৎসা আৰম্ভ কৰে যদিও সুস্থ হৈ উঠা নাই বাবু ।

গোলাঘাট আৰু যোৰহাটত চিকিৎসা কৰি সুস্থ নোহোৱাত গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটলৈ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও অৰ্থৰ অভাৱত ঘৰতে পৰি হৈছে বাবু ৷ বিনা চিকিৎসাই বিচনাত পৰি চটফটাই থকা স্বামীক চাই অসহায় হৈ পৰিছে পত্নী আৰু কণমানিটি ৷ অসমৰ মুখ্যমন্ত্রী,স্বাস্থ্যমন্ত্রী, স্থানীয় বিধায়কৰ লগতে কোনো সুহৃদ ব্যক্তি তথা দল-সংগঠনৰ সহায় বিচাৰিছে পৰিয়ালটোৱে ৷

উল্লেখ্য যে, কোনো সুহৃদ ব্যক্তি তথা দল-সংগঠনে সহায় কৰিব বিচাৰিলে তলত উল্লেখ কৰা পঞ্জাৱ নেচনেল বেংক বৰপথাৰ শাখাত থকা বাবুৰ পত্নীৰ Account No-0311010480673, Account Holder -Niroda Boruah Gogoi, IFSC Code- PUNB0031120

লগতে পঢ়ক: বৰবৰুৱাৰ ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাজু ৯৩ খন বিচনাযুক্ত ক'ভিড চেণ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.