মাৰ্ঘেৰিটা, খুমটাই, 4 ডিচেম্বৰঃ অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে বিৰোধিতা কৰা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে সৰৱ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় উপ সভাপতি বিপুল ৰয় । তেওঁ সাংবাদিকৰ আগত অসমত অসমীয়া আৰু বেংগলী সম্প্ৰদায়ৰ মাজত বিভাজন আনিব বিচৰা প্ৰদীপ দত্ত ৰয়ক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে ৷ তেওঁ স্পষ্ট কৰি দিয়ে যে অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা আছিল আৰু থাকিব ৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা নহয় বুলি মন্তব্য কৰাৰ পাছত প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহন কৰিবলৈ সংগঠনটোৱে দাবী জনাই ৷
একেদৰে খুমটাইতো হিন্দু যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে অসমীয়া ভাষাৰ প্ৰতি বিৰুপ মন্তব্য কৰা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে এক সংবাদমেল অনুষ্ঠিত কৰে ৷ খুমটাইৰ কেপ্তেইন জিণ্টু গগৈ স্মাৰক ভৱনত আয়োজন কৰা এই সংবাদমেলখনত সংগঠনটোৱে অসমত অসমীয়া আৰু বেংগলী সম্প্ৰদায়ৰ মাজত বিভাজন আনিব বিচৰা প্ৰদীপ দত্ত ৰয়ক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে ৷ লগতে সংগঠনটোৱে অসমৰ ৰাইজক অসমৰ জাতীয় সংস্কৃতিৰ সত্ত্বা বজাই ৰাখি মিলাপ্ৰীতিৰে একত্ৰিত হৈ বৃহৎ অসমীয়া জাতি গঢ়ি তুলিবলৈ আহ্বান জনাই ৷