সৰুপথাৰ, 5 নৱেম্বৰ : ছিংগাপুৰত অনুষ্ঠিত 8th Open Singapore International Pencak Silat Championship, 2019ত ব্ৰঞ্জৰ পদক দখল কৰিছে ৰাজদ্বীপ আলেই ৷ চুঙাজান চাঞ্চা মেম'ৰিয়েল ইংলিছ একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰাজদীপ আলেই 14 বছৰ অনুৰ্ধৰ আৰু 40 কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ চুঙাজানলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ পদক দখল কৰি সৰুপথাৰ ৰেল ষ্টেচনত আহি উপস্থিত হোৱাৰ পাচতে চুঙাজান আঞ্চলিক ছাত্ৰ সন্থা,গোৰ্খা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে চুঙাজানবাসীয়ে উষ্ম আদৰণি জনায় তেওঁক ৷ এক বৃহৎ সমদল কৰি সৰুপথাৰ ৰেলৱে' ষ্টেচনৰ পৰা নিজা বাসগৃহ চুঙাজানলৈ আদৰণি জনোৱা হয় ৰাজদ্বীপক ৷ ভৱিষ্যতে এছিয়ান গেমছত অংশগ্ৰহণ কৰি বক্সিঙত সোনৰ পদক অৰ্জন কৰাৰ সপোন দেখিছে নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে ৷
আৰু পঢ়ক : নিৰপেক্ষ স্থানলৈ স্থানান্তৰিত ভাৰত-পাকিস্তান ডেভিছ কাপ টাই