বোকাখাত, 26 জুন : ৰাজ্যত ক’ভিডৰ ঢৌ লাহে লাহে কমিছে যদিও কিছু কিছু জিলাত এতিয়াও কমা নাই ক’ভিডৰ গণ সংক্ৰমণ । গোলাঘাট (Golaghat), বিশ্বনাথ (Biswanath), গোৱালপাৰা (Goalpara) আৰু মৰিগাঁও (Morigaon) জিলাত এতিয়াও বৃদ্ধি পাই আছে গণ সংক্ৰমণৰ ঘটনা ৷ গোলাঘাট (Golaghat) জিলাৰ বোকাখাত মহকুমা সম্পূৰ্ণ কণ্টেইনমেন্ট জ'ন(FULL CONTENTMENT ZONE) ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে ৷ শুকুৰবাৰে সন্ধিয়া বোকাখাট মহকুমাৰ প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে প্ৰকাশ কৰে এই কথা ৷
প্ৰশাসনৰ নিৰ্দেশ অনুসৰি, সোমবাৰৰ পৰা বোকাখাট (Bokakhat) মহকুমাত সম্পূৰ্ণ কণ্টেইনমেন জ'ন (FULL CONTENTMENT ZONE) ঘোষণা কৰা হ’ব ৷ এই সময়ছোৱাত মহকুমাটোৰ গেলামালৰ দোকানসমূহ সন্ধিয়া ৫ বজালৈ খোলা ৰাখিব পাৰিব ৷ প্ৰশাসনৰ এই সিদ্ধান্তক লৈ মহকুমাটোৰ লোকৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
উল্লেখ্য যে, বোকাখাত মহকুমাত শুকুৰবাৰলৈ 47,913 গৰাকীৰ ক’ভিড (Covid 19) পৰীক্ষা কৰা হৈছে ৷ ইয়াৰে 2,882 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ (Covid Positive) ৷ শুকুৰবাৰে মহকুমাটোৰ পুনৰ ৬৬ গৰাকী লোকৰ দেহত ক’ভিড (Covid 19)ৰ অৱস্থিত ধৰা পৰাৰ পাছতে প্ৰশাসন তৎপৰ হৈ পৰে আৰু সম্পূৰ্ণ কন্টেইনমেন জ'ন(FULL CONTENTMENT ZONE) ঘোষণা কৰাৰ সিদ্ধান্ত লয় ৷
বোকাখাত (Bokakhat)ত কণ্টেইনমেন জ'ন (CONTENTMENT ZONE)ৰ সময়ছোৱাতো ক’ভিড ভেকচিন (Vaccine) প্ৰক্ৰিয়া আৰু ক’ভিড পৰীক্ষা চলি থকাৰ কথা স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । মহকুমাটোৰ গেলামালৰ দোকানসমূহ খোলাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হাতত ল’বলৈ স্থানীয় ব্যক্তিয়ে আহ্বান জনাইছে । আনহাতে অসমত বৰ্তমানলৈ ক’ভিডত আক্ৰান্তৰ সংখ্য়া 4,66,590 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে 4,21,378 গৰাকীয়ে আৰোগ্য লাভ কৰা বিপৰীতে বৰ্তমানো সক্ৰিয় হৈ আছে 39,837 টা ঘটনা ৷ আনহাতে মৃত্যু হৈছে 4,028 গৰাকীৰ ৷
শুকুৰবাৰৰ দিনটোত ৰাজ্যত 2793 গৰাকী লোক ক’ভিডত আক্ৰান্ত হয় আৰু 26 গৰাকীৰ মৃত্যু হয় ৷ ৰাজ্যত বৰ্তমান আৰোগ্যৰ হাৰ 93.12% ৷
লগতে পঢ়ক : শোণিতপুৰ জিলাত সম্পূৰ্ণ লকডাউনৰ নাই কোনো সম্ভাৱনা