ETV Bharat / state

BJP office controversy: ভূপেন বৰাৰ মন্তব্যক প্ৰত্যাহ্বান বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ - Assam Congress President Bhupen Bora

নৱনিৰ্মিত বিজেপি কাৰ্যালয় ভাঙি (Assam BJP new head office) পেলাব লাগে বুলি কোৱা কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ মন্তব্যক প্ৰত্যাহ্বান জনাই গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীৰ সংবাদমেল ।

BJP
BJP
author img

By

Published : Oct 12, 2022, 8:36 PM IST

গোলাঘাট, ১২ অক্টোবৰ : নৱনিৰ্মিত অসম ৰাজ্যিক বিজেপি কাৰ্যালয় (Assam BJP new head office) ভাঙি পেলাব লাগে বুলি কংগ্ৰেছ সভাপতি ভূপেন বৰাই দিয়া মন্তব্যক প্ৰত্যাহ্বান গোলাঘাট জিলা বিজেপিৰ (Bhupen Bora comments on Assam BJP office) । এই সন্দৰ্ভত গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে এক সংবাদমেল সম্বোধন কৰে (BJP spokes person slams Bhupen Bora) ।

বিজেপি কাৰ্যকৰ্তাৰ ধনেৰে নিৰ্মিত বিজেপিৰ 'মন্দিৰ' ভাঙিবলৈ কোৱা ভূপেন বৰাক চৰকাৰী মাটি, কাৰ্যালয় দখল কৰি ৰাজ্যজুৰি নিৰ্মাণ কৰা কংগ্ৰেছ ভৱনসমূহ প্ৰথমতে ভাঙিবলৈ আহ্বান বিজেপি মুখপাত্ৰগৰাকীৰ । মুখপাত্ৰগৰাকীৰ অভিযোগ, প্ৰদেশ কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা ভৱন এখন বিদ্যালয়ৰ ভূমি দখল কৰি নিৰ্মাণ কৰা । দিছপুৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত বৰ্তমানৰ কংগ্ৰেছ ভৱন নিৰ্মিত বুলি তেওঁ প্ৰকাশ কৰে (BJP alleged congress to build offices on govt land) ।

আনহাতে, বিদ্যালয় কৰ্তৃপক্ষই কংগ্ৰেছৰ বিৰুদ্ধে এই সন্দৰ্ভত গোচৰ তৰা বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে । ইপিনে গোলাঘাট জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয় চৰকাৰী ধন ব্যৱহাৰ কৰি নিৰ্মাণ কৰা বুলিও গুৰুতৰ অভিযোগ গোস্বামীৰ । মুক্তি যুঁজাৰু ভৱন বেদখল কৰি গোলাঘাট জিলা কংগ্ৰেছে কাৰ্যালয় নিৰ্মাণ কৰা তাত বজাৰ গৃহ নিৰ্মাণৰো অভিযোগ তোলে ।

ভূপেন বৰাৰ মন্তব্যক প্ৰত্যাহ্বান বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ

তেনেদৰেই মুক্তি যুঁজাৰু ভৱনৰ অস্তিত্ব নাইকিয়া কৰা বুলি তেওঁ মন্তব্য কৰে । আনকি মুক্তি যুঁজাৰু ভৱনৰ নামফকখনো গোলাঘাট কংগ্ৰেছে আঁতৰাই দিয়া বুলি অভিযোগ কৰে । অন্যহাতে, দেৰগাঁৱৰ কংগ্ৰেছ ভৱন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰু বোকাখাতত চৰকাৰী ধন খৰচ কৰি কংগ্ৰেছ কাৰ্যালয় নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰে ।

এই সমগ্ৰ বিষয়ত সৰৱ হৈ বিজেপি মুখপাত্ৰ জয়ন্ত গোস্বামীয়ে কংগ্ৰেছৰ ৰাজ্যিক আৰু গোলাঘাটৰ নেতৃত্বক তুলাধুনা দিয়ে । লগতে সকলোবোৰ কাৰ্যালয় ভাঙি দেখুৱাবলৈও তেওঁ ভূপেন বৰাক প্ৰত্যাহ্বানো জনায় (Assam Congress President Bhupen Bora) ।

লগতে পঢ়ক :MP Pabitra Margherita: অখিল গগৈয়ে অৰ্কিড উদ্যানৰ মাটিৰ কিস্তি দিয়া নাই !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.