ETV Bharat / state

অসম আৰক্ষী তথা চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ বীৰ লাচিত সেনা - অসম আৰক্ষী তথা চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ বীৰ লাচিত সেনা

গোলাঘাটত গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ ৭ জনকৈ কৰ্মী (Bir Lachit Sena worker arrested in Golaghat)। ইয়াৰ পাছতে সংবাদমেল সংগঠনটোৰ । চৰকাৰ তথা অসম আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সংগঠনটোৰ ।

Bir Lachit Sena
অসম আৰক্ষী তথা চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ বীৰ লাচিত সেনা
author img

By

Published : Feb 2, 2022, 3:45 PM IST

গোলাঘাট,২ ফেব্ৰুৱাৰী : অসমৰ ভিন্ন প্ৰান্তত বীৰ লাচিত সেনাৰ প্ৰতিবাদ অব্যাহত আছে । শেহতীয়াকৈ গোলাঘাটত বীৰ লাচিত সেনাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰাক লৈ ক্ষোভিত হৈ পৰিছে সংগঠনটো । আৰক্ষীৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ মুখ্য উপদেষ্টা শৃংখল চলিহাৰ বিভিন্ন ধৰণৰ অভিযোগ । গোলাঘাটত উপস্থিত হৈ সংবাদমেল সম্বোধন কৰে মুখ্য উপদেষ্টাগৰাকীয়ে ।

বীৰ লাচিত সেনাৰ অভিযোগ অনা অসমীয়াৰ হাতোঁৰাত বন্দী অসম আৰক্ষী । অসমৰ থানাবোৰ অনা অসমীয়াৰ পকেটত । অনা অসমীয়াৰ কমিচনেৰে চলে থানা । বীৰ লাচিত সেনাৰ মতে অসমত অনা অসমীয়াৰ নহয়, খিলঞ্জীয়াৰ দপদপনি চলিব ।

বৰ্তমান ৰাজ্য চৰকাৰখনে অনা অসমীয়াক ৰঙা দলিচা পাৰি দি খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চলাইছে বুলিও অভিযোগ কৰে শৃংখল চলিহাই ৷

অসম আৰক্ষী তথা চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ বীৰ লাচিত সেনা

উল্লেখ্য যে মঙলবাৰে গোলাঘাটৰ সৰুপথাৰ নগৰৰ এম আই ম’বাইল শ্ব’ ৰূমত তলা লগাইছিল সংগঠনটোৱে ৷ ইয়াৰ পাছতে শ্ব' ৰূম কতৃপক্ষৰ অভিযোগৰ ভিত্তিত সৰুপথাৰ আৰক্ষীয়ে ৭ জনকৈ বীৰ লাচিত সেনাৰ সদস্যক গ্ৰেপ্তাৰ কৰে (Bir Lachit Sena worker arrested in Golaghat)। বীৰ লাচিত সেনাই অভিযোগ কৰা মতে দোকানখনৰ স্বত্বাধিকাৰী পোদ্দাৰ নামৰ লোকজনে এগৰাকী অসমীয়া যুৱকক ২০ হাজাৰ টকা দিবলৈ আছিল ।

যাৰ বাবে যুৱকজনে বীৰ লাচিত সেনাৰ সদস্যৰ সহায় লৈছিল । কিন্তু ধন বিচাৰি যোৱাই কাল হ’ল বীৰ লাচিত সেনাৰ সদস্যকেইজনৰ বাবে । ইফালে শৃংখল চলিহাই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কয় যে বীৰ লাচিত সেনা সদস্যক আটক কৰাৰ দৰে পোদ্দাৰ নামৰ ব্যৱসায়ী গৰাকীকো আটক কৰক ৷

আনহাতে প্ৰশাসনে যদি যুৱকজনক সহায় কৰিলেহেতেন তেতিয়া হ'লে যুৱকজনে বীৰ লাচিত সেনাৰ পৰা সহায় নল'লেহেঁতেন । বৰ্তমান চৰকাৰখনে কেৱল পুঁজিপতিসকলৰ ক্ষেত্ৰত যিদৰে দৰদ দেখুৱাইছে তাৰ বিপৰীতে খিলঞ্জীয়া লোকসকলক অত্যাচাৰ চলাইছে বুলিও বিষ্ফোৰক মন্তব্য কৰে শৃংখল চলিহাই ৷ আনহাতে খিলঞ্জীয়া লোকসকলৰ বিপদৰ সময়ত সদায় বীৰ লাচিত সেনা উপস্থিত হ’ব বুলিও তেওঁ ঘোষণা কৰে । অসম চৰকাৰক খিলঞ্জীয়া বিৰোধী আখ্যা বীৰ লাচিত সেনাৰ ।

লগতে পঢ়ক :ওপজা দিনৰ আনন্দ : মাজুলীৰ শিশুৰে আজি মুখ্যমন্ত্ৰীৰ নৈশভোজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.