ETV Bharat / state

মিনি লকডাউনে বিপদত পেলাইছে বৰপথাৰৰ এহাল পিতা-পুত্ৰক

author img

By

Published : Jun 15, 2021, 5:53 PM IST

লকডাউনৰ ফলত বিপদত বৰপথাৰৰ এহাল পিতা-পুত্ৰ ৷ "ভাস্কৰ নাৰ্চাৰী" নামেৰে এখন নাৰ্চাৰী স্থাপন কৰি বিভিন্ন প্ৰজাতিৰ গছ-গছনি নিজৰ নাৰ্চাৰীত ৰোপণেৰে বজাৰত বিক্ৰী কৰি উপাৰ্জনৰ পথ মোকলাইছিল ৷ লকডাউনৰ ফলত ক্ৰেতাৰ অভাৱত দীৰ্ঘদিনৰ পৰা উপাৰ্জনহীন হৈ আছে তেঁওলোক ৷

as_sarupother_01_15jun_Barpathar Father-Son Nursery Story_vis_ASC10084
মিনি লকডাউনে বিপদত পেলাইছে বৰপথাৰৰ এহাল পিতা-পুত্ৰক

সৰুপথাৰ, 15 জুন : ৰাজ্যত শাম কটা নাই ক’ভিড (Covid 19) পৰিস্থিতি ৷ অব্যাহত আছে লক-ডাউন প্ৰক্ৰিয়া ৷ ক’ভিড (Covid 19)ৰ ফলত ৰাজ্যত অব্যাহত থকা মিনি লকডাউনে বিপদত পেলাইছে বৰপথাৰৰ এহাল পিতা-পুত্ৰক ৷ গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ কৰ্দৈগুৰি গাঁৱত "ভাস্কৰ নাৰ্চাৰী" নামেৰে এখন নাৰ্চাৰী স্থাপন কৰি বিগত পাঁচ বছৰ ধৰি ফল-মূল, ফুলকে আদি কৰি বিভিন্ন প্ৰজাতিৰ গছ-গছনি নিজৰ নাৰ্চাৰীত ৰোপণ কৰি বজাৰত বিক্ৰী কৰি উপাৰ্জনৰ পথ মোকলাইছিল ৷

কিন্তু বৰ্তমান ক'ভিড-১৯ (Covid 19)ৰ সময় ৷ সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটৰ বৰপথাৰ অঞ্চলতো প্ৰযোজ্য আছে মিনি লকডাউন । যাৰ ফলত ব্যৱসায়ী, কৃষককে ধৰি সকলো স্তৰৰ লোক হৈছে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত । আম, নাৰিকল, ডালিম, বগৰি, কমলা, নাচপতি, সাঁচী, অমিতা, তামোল, বিভিন্ন জাতৰ ফুল, অন্য বহুতো পুলি উপলব্ধ হোৱা "ভাস্কৰ নাৰ্চাৰী"ৰ গৰাকী বজাৰৰ অভাৱৰ বাবে বৰ্তমান লোকচানৰ সন্মুখীন হৈছে ।

যি দুই এটা বিক্ৰী নাৰ্চাৰীৰ পৰাই হয় যদিও সেইয়া পৰ্যাপ্ত নহয় । এতিয়া ক্ৰেতাৰ অভাৱত দীৰ্ঘদিনৰ পৰা উপাৰ্জনহীন হৈ আছে তেঁওলোক । ইপিনে বিগত ৫ বছৰে বিভিন্ন আবেদন-নিবেদন কৰিও কোনো চৰকাৰী আৰ্থিক নোপোৱাৰ কথাও জনাইছে পিতা-পুত্ৰ ক্ৰমে ইন্দ্ৰেশ্বৰ কাকতি আৰু ভাস্কৰজ্যোতি কাকতিয়ে ।

লগতে পঢ়ক : 1 লাখ নিৱনুৱাৰ লগতে অপ্ৰাদেশিকৃত শিক্ষকক নিযুক্তিৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.