ETV Bharat / state

Inauguration of Anganwadi Centre: বোকাখাতত অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন অতুল বৰাৰ

author img

By

Published : Oct 15, 2022, 7:11 PM IST

শিশুক উন্নত শিক্ষৰে সু-নাগৰিক হিচাপে গঢ় দিয়াৰ পৰিকল্পনাৰে চৰকাৰে গ্ৰহন কৰা বিভিন্ন আঁচনিৰ ভিতৰত অন্যতম হল অংগনৱাড়ী আঁচনি । বোকাখাতত একেদিনাই তিনিটা অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্ধোধন কৰে মন্ত্ৰী অতুল বৰাই(Inauguration of Anganwadi Centre in Bokakhat) । আহিনৰ আবতৰীয়া বানত ক্ষতিগ্ৰস্ত কৃষকক সহায়ৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

atul borah inaugurates anganwadi centre
বোকাখাতত অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন অতুল বৰাৰ

বোকাখাত,১৫ অক্টোবৰ: ৰাজ্যজুৰি উন্নত কৰা হৈছে অংগনৱাড়ী কেন্দ্ৰসমূহ । ন-ৰূপেৰে সজাইছে অংগনৱাড়ী কেন্দ্ৰসমূহ । শিশুক উন্নত শিক্ষৰে সু-নাগৰিক হিচাপে গঢ় দিয়াৰ পৰিকল্পনাৰে চৰকাৰে গ্ৰহন কৰা বিভিন্ন আঁচনিৰ ভিতৰত অন্যতম হল অংগনৱাড়ী আঁচনি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বোকাখাততো নতুনকৈ সজোৱা হৈছে বহুকেইটা অংগনৱাড়ী কেন্দ্ৰ ।

শনিবাৰে বোকাখাতত ৩ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ শুভ উদ্ধোধন কৰে মন্ত্ৰী অতুল বৰাই(Inauguration of Anganwadi Centre in Bokakhat) । গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ শিশু সংহত উন্নয়ন প্ৰকল্পৰ অধীনত চৰকাৰী পূঁজিৰে নিৰ্মাণ কৰা ৩ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰা অনুষ্ঠানত মন্ত্ৰী অতুল বৰাক সংগ দিয়ে বোকাখাত মহকুমাৰ মহকুমাধিপতি ডা: নেহা যাদৱে(Atul Borah inaugurates anganwadi centre) । এনে কেন্দ্ৰৰ দ্বাৰাই শিশু অৱস্থাতে ছাত্ৰ-ছাত্ৰীক সুস্থ্য বাতাবৰণত সু-শিক্ষা প্ৰদান কৰি সু-চিন্তাৰ গৰাকী কৰি তুলিব পাৰি ।

আনহাতে আহিনৰ আবতৰীয়া বানে তচনচ কৰা কৃষকৰ সপোনক পুনৰ জীয়াই তুলিবলৈ চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই । আহিনৰ আবতৰীয়া বানত বোকাখাত মহকুমাৰ ৪০ হাজাৰ বিঘা ৰবি শস্যৰ খেতি নষ্ট হোৱাত কৃষকৰ মাজত হাঁহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । চৰকাৰী ভাৱে বীজ লাভ কৰি মহকুমাটোৰ কৃষক সকলে মাটি মাহ, ৰঙালাও, মটৰ আদি খেতি কৰিছিল যদিও বানৰ কৱলত পৰি সম্পূৰ্ণ নষ্ট হৈছে । এই কৃষক সকলক সকাহ দিবৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহনৰ কথা ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১৪ আগষ্টত সমগ্ৰ ৰাজ্যত এহেজাৰটা অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰা হৈছিল(Azadi ka amrit mahotsav celebration at Assam) । স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি এহেজাৰ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰি পৰ্যায় ক্ৰমে সকলো অংগনৱাড়ী কেন্দ্ৰক আদৰ্শ কেন্দ্ৰলৈ উন্নীত কৰা হ’ব বুলি উল্লেখ কৰিছিল মন্ত্ৰী-বিধায়কসকলে । তাৰপাছৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্মাণ কৰা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ শুভ উদ্বোধন কৰে চৰকাৰৰ মন্ত্ৰী-বিধায়কে ।

লগতে পঢ়ক: Incident of assault on journalist: মহিলা সাংবাদিক আক্ৰমণকাৰীক জেললৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.