ETV Bharat / state

বনকৰা কিশোৰী হত্যাৰ অভিযুক্ত আৰক্ষী দম্পতীক চাকৰিৰ পৰা বৰ্খাস্তৰ দাবী - anurupa saikia

খোদ আৰক্ষীৰ বিৰুদ্ধে শিশু শ্ৰমিকক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ মানসিক, শাৰিৰীক আৰু যৌন নিৰ্যাতন চলাই বনকৰা কিশোৰীক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ আৰক্ষী দম্পতীৰ বিৰুদ্ধে ৷ কিশোৰীগৰাকীৰ হত্যাৰ অভিযোগত অভিযুক্ত আৰক্ষী দম্পতীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থা(Assam tea tribe student's association)ৰ দেৰগাঁও শাখা সমিতিৰ ৷

attsa demands strict action against police couple accused of murder
বনকৰা কিশোৰী হত্যাৰ অভিযুক্ত আৰক্ষী দম্পতীক চাকৰিৰ পৰা বৰ্খাস্তৰ দাবী
author img

By

Published : Sep 8, 2021, 2:23 PM IST

দেৰগাঁও , 8 ছেপ্টেম্বৰ : বনকৰা কিশোৰীৰ হত্যাৰ অভিযোগত অভিযুক্ত আৰক্ষী দম্পতীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা(Assam tea tribe student's association)ৰ দেৰগাঁও শাখা সমিতিয়ে ৷ অসম আৰক্ষীত কৰ্মৰত দম্পতীৰ ঘৰত বনকৰা হিচাপে থকা কিশোৰীগৰাকীক দুয়ো স্বামী-স্ত্ৰীয়ে মিলি হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আটছাই ৷

attsa demands strict action against police couple accused of murder
খোদ আৰক্ষীৰ বিৰুদ্ধে শিশু শ্ৰমিকক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ

এই সন্দৰ্ভত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দেৰগাঁও শাখা সমিতিয়ে দোষীক কৰায়ত্ব কৰাৰ দাবীৰে দেৰগাঁও ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷ ঘটনা সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যোগেদি গোলাঘাট জিলা আৰক্ষী অধীক্ষককো আটছাই স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : ৰক্ষকেই ভক্ষক, সেনাৰ জোৱানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

আটছাই স্মাৰক পত্ৰখনত আৰক্ষী দম্পতীৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ আটছাই স্মাৰক পত্ৰখনত উল্লেখ কৰা অভিযোগ অনুসৰি দুই স্বামী স্ত্ৰীয়ে মিলি বনকৰা কিশোৰীগৰাকীক মানসিক, শাৰিৰীক আৰু যৌন নিৰ্যাতন চলাইছিল ৷ কিশোৰীগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই কঁকাল পৰ্যন্ত ভাঙি দিয়াৰ ফলতে তেঁও মৃত্যুক সাৱটি ল'বলগীয়া হয় বুলি আটছাই স্মাৰক পত্ৰখনত অভিযোগ তুলিছে ৷

এই ঘটনাই সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱাৰ সময়তে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দেৰগাঁও শাখাইও উক্ত ঘটনাক তীব্ৰ গৰিহণা দিছে ৷ দোষীক কৰায়ত্ব কৰি আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে অভিযুক্ত দম্পতীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবেও আটছাই দাবী উত্থাপন কৰিছে ৷

উল্লেখ্য যে, খোদ আৰক্ষীয়ে শিশু শ্ৰমিকক এনে ব্যৱহাৰ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাচতে নাৰীৰ নিৰাপত্তৰ দিশটোত আৰক্ষীৰ ভূমিকাক লৈ সচেতন লোকৰ মনত বহু প্ৰশ্নৰ উদ্ৰেক হোৱা দেখিবলৈ পোৱা গৈছে ৷ আইনৰ ৰক্ষকে আইন মানে নে নামানে তাক লৈও বহুতো প্ৰশ্নৰ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, সম্প্ৰতি আত্মগোপন কৰি আছে কিশোৰীগৰাকীৰ হত্যাৰ অভিযোগত অভিযুক্ত আৰক্ষী দম্পতী ৷ এনেক্ষেত্ৰত সমগ্ৰ ঘটনা অধিক ৰহস্যৰ মাজলৈ গতি কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : মানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.