ETV Bharat / state

গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Oct 17, 2019, 9:30 PM IST

নুমলীগড় শোধনাগাৰৰ ব্যক্তিগতকৰণৰ বিৰোধিতা ৷ চৰকাৰক কঠোৰ সকীয়নি ৷

গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

গোলাঘাট, 17 অক্টোবৰ: গোলাঘাটত ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড (BPCL) আৰু নুমলীগড় শোধনাগাৰৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৷

মুখ্যমন্ত্ৰী গ' বেক,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ,কেন্দ্ৰীয় চৰকাৰ কাম নাই,নুমলীগড় শোধনাগাৰক ৰক্ষা কৰক,তেজ দিম শোধনাগাৰ ব্যক্তিগতকৰণ হ'বলৈ নিদিওঁ আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত স্থাপিত হোৱা গোলাঘাটৰ নুমলীগড় শোধনাগাৰক কি কাৰণত কেন্দ্ৰীয় চৰকাৰে পুঁজিপতি দালালৰ হাতত বিক্ৰী কৰিবলৈ ওলাইছে বুলিও সংবাদ মাধ্যমৰ জৰিয়তে সংগঠনটোৱে প্ৰশ্ন কৰে চৰকাৰক ।

অতি শীঘ্ৰে চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে পৰিস্থিতি বিষম হোৱাৰ সকীয়নি প্ৰদান কৰে সংগঠনটোৰ গোলাঘাট জিলা সমিতিয়ে ৷

Intro:গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। ভাৰত চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এই প্ৰতিবাদ। ভাৰত পেট্ৰলিয়াম ক'ৰপৰেছন লিমিটেড (BPCL) আৰু নুমলিগড় শোধনাগাৰক ব্যক্তিকৰণক লৈ গোলাঘাটত উপায়ুক্ত কাৰ্যালয়ৰ সমীপত উত্তাল প্ৰতিবাদ।Body:বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে গোলাঘাট উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। BPCL আৰু নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগত কৰণ কৰাক লৈ কৰাক লৈ এই প্ৰতিবাদ। নৰেন্দ্ৰ মোদীৰ মতে উঠা বহা কৰা জাতিৰ নায়ক আখ্যা পোৱা লাজ নাইকিয়া মুখ্য মন্ত্ৰী গ বেক, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ কাম নাই, নুমলিগড় শোধনাগাৰক ৰক্ষা কৰক, তেজ দিম শোধনাগাৰ ব্যক্তিগত কৰণ হ'বলৈ নিদিওঁ আদি বিভিন্ন শ্ল'গানৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত স্থাপিত হোৱা গোলাঘাট নুমলীগড় ৰিফাইনেৰীক কি কাৰণত কেন্দ্ৰীয় চৰকাৰে পুঁজিপতি দালালিৰ হাতত বিক্ৰী কৰিবলৈ ওলাইছে বুলিও সংবাদ মাধ্যমৰ জৰিয়তে প্ৰশ্ন কৰে চৰকাৰক। প্ৰতিবাদ স্থলীৰ পৰাই চৰকাৰক সকিয়নী প্ৰদান অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ। অতি শীঘ্ৰে চৰকাৰে এনে হঠকাৰী সিধান্ত বাতিল নকৰিলে পৰিস্থিতি বিষম হোৱাৰ সকিয়নী। অন্যথা ভয়াবহ পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ জগৰীয়া হব বুলি সকিয়নী।Conclusion:Byte 1: জগদীশ বৰাইক, নেতা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, গোলাঘাট জিলা সমিতি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.