ETV Bharat / state

বন্ধ হল আঠখেলীয়া নামঘৰ - pilgrims

চৰকাৰী নিৰ্দেশনা মানি বন্ধ হ’ল ঐতিহাসিক আঠখেলীয়া নামঘৰ ৷ ক'ভিডৰ বিভীষিকা শাম নকটা পৰ্যন্ত ভক্তৰ প্ৰৱেশ বন্ধ থাকিব ঐতিহাসিক নামঘৰটোত ৷

athkhelia mandir closed
বন্ধ হল আঠখেলীয়া নামঘৰ
author img

By

Published : May 14, 2021, 7:59 PM IST

গোলাঘাট, 14 মে’ : চৰকাৰী নিৰ্দেশনা পালন কৰি ভক্তপ্ৰাণ ৰাইজৰ বাবে বন্ধ কৰি দিয়া হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ । একমাত্ৰ ক'ভিডৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থতেই ভক্তৰ বাবে প্ৰৱেশ বন্ধ কৰা হৈছে উজনি অসমৰ ঐতিহাসিক পীঠস্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত।

শেহতীয়াকৈ ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোলাঘাট জিলাটো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা । বৃহস্পতিবাৰলৈকে গোলাঘাট জিলাত ২৩৫৬ গৰাকী লোক ক'ভিড সংক্ৰমিত হোৱাৰ লগতে জিলাখনত ইতিমধ্যে ক'ভিডৰ ফলত প্ৰাণ হেৰুৱাইছে ১৯ জনকৈ লোকে।

বন্ধ হল আঠখেলীয়া নামঘৰ

ৰাজ্য চৰকাৰেও ক'ভিড নিয়ন্ত্ৰণৰ স্বাৰ্থত জাৰি কৰা নিৰ্দেশাৱলীত ধৰ্মানুস্থানত ভক্তৰ সমাগমত বাধানিষেধ আৰোপ কৰিছে। চৰকাৰৰ এই নিৰ্দেশাৱলীৰ প্ৰতি সন্মান জনাই শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিয়ে বৃহস্পতিবাৰৰ পৰা নামঘৰ ভাগিত ভক্তৰ প্ৰৱেশ বন্ধ কৰি দিছে ।

জানিব পৰা মতে, ক'ভিডৰ বিভিষিকাৰ শাম নকটা পৰ্যন্ত ঐতিহাসিক নামঘৰটোত ভক্তৰ প্ৰৱেশ বন্ধ থাকিব ৷

লগতে পঢ়ক : ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ বৃদ্ধি, ২৪ ঘণ্টাত মৃত্যু ৭৫ গৰাকীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.