গোলাঘাট, 6 জানুৱাৰী: 3 জানুৱাৰীত দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত 12 গৰাকীকৈ লোকে প্ৰাণ হেৰুওৱা ঘটনাই স্বাভাৱিকতেই শোকাকুল পৰিস্থিতিৰ সৃষ্টি কৰি আছে দুৰ্ভগীয়া পৰিয়ালকেইটাত ৷ পৰিয়ালকেইটাৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে অজস্ৰজনে ৷
শনিবাৰে বছা ভৰলোৱা গাঁৱৰ দুৰ্ভগীয়া পৰিয়ালকেইটাৰ খবৰ ল’লে আছুৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে ৷ শোকাৱহ পথ দুৰ্ঘটনাটোত অকাল মৃত্যুক সাৱটি লোৱা লোককেইগৰাকীৰ পৰিয়ালকেইটাক সাক্ষাৎ কৰি আছু আৰু যুৱ ছাত্ৰৰ নেতৃবৰ্গই সমবেদনা জ্ঞাপন কৰাৰ লগতে দুৰ্ঘটনাটোত আহত ব্যক্তিসকলৰো স্বাস্থ্যৰ বুজ লয় ।
মৃতকৰ সমাধিস্থলীত ৰাজহুৱা স্মৃতি সৌধ নিমাৰ্ণ কৰা, নিহতসকলৰ পৰিয়ালবৰ্গক পৰ্যাপ্ত ক্ষতিপূৰণ আৰু সংস্থাপনৰ ব্যৱস্থা কৰা, আহতসকলক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা আদি দাবী উত্থাপন কৰাৰ লগতে মৃত্যুৰ উপত্যকাত পৰিণত হোৱা নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মানকাৰ্য অতিশীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰে আছুৰ নেতৃত্বই ।
ইফালে আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, ‘‘ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বিপৰীতে য’তে-ত’তে টোল গেট নিৰ্মাণ কৰি টোল টেক্স সংগ্ৰহ কৰিবৰ বাবে যিমান গুৰুত্ব দিছে সেইদৰে পথৰ কাম সম্পূৰ্ণ কৰিবৰ বাবে কোনো গুৰুত্ব প্ৰদান নাই কৰা বুলি ৷’’
আনহাতে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়েও সমগ্ৰ ঘটনাটো সন্দৰ্ভত গভীৰ শোক প্ৰকাশ কৰে । অতিশীঘ্ৰে NHIDCL ৰ অধীনত নিৰ্মাণৰত পথচোৱা সম্পূৰ্ণ কৰিবলৈও চৰকাৰক দাবী জনায় AJYCP সভাপতিগৰাকীয়ে । সমান্তৰালকৈ মৃতকৰ পৰিয়ালক 20 লাখকৈ টকাকৈ দিবলৈ NHIDL আৰু ঠিকাদাৰী প্ৰতিষ্ঠানক দাবী জনায় ।
লগতে পঢ়ক: কাৰ আশীৰ্বাদত চাৰিখন জিলা পাৰ হৈ গৈছিল কয়লাভৰ্তি ট্ৰাকখন ?