ETV Bharat / state

অসম আৰক্ষীত নিযুক্তি দিয়া হ'ব 12,000 নিৱনুৱাক

author img

By

Published : Jun 9, 2021, 9:25 PM IST

Updated : Jun 9, 2021, 10:57 PM IST

কাজিৰঙাৰ কহঁৰাস্থিত বৰগছ ৰিজ'ৰ্টত অসম আৰক্ষীৰ এখন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হয় ৷ সন্মিলনখনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী অতুল বৰা, ৰণজিৎ দাস, কেশৱ মহন্ত, অজন্তা নেওগ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত উপস্থিত থাকে ৷

assam police will be appointed 12,000 boys
অসম আৰক্ষীত নিযুক্তি দিয়া হ'ব 12,000 নিৱনুৱাক

গোলাঘাট,9 জুন: বুধবাৰে কাজিৰঙাৰ কহঁৰাস্থিত বৰগছ ৰিজ'ৰ্টত অসম আৰক্ষীৰ এখন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হয় ৷ সন্মিলনখনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি গ্ৰহণ কৰিলে অসম আৰক্ষীৰ গাৰ্ড অৱ অনাৰ ৷ এই সন্মিলনখনত মুখ্যমন্ত্ৰী শৰ্মাক সংগ দিয়ে মন্ত্ৰী অতুল বৰা, ৰণজিৎ দাস, কেশৱ মহন্ত, অজন্তা নেওগ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ সন্মিলনখনত অংশগ্ৰহণ কৰি খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰণজিৎ দাসৰ মন্তব্য, মুখ্যমন্ত্ৰীৰ মাৰ্গ দৰ্শনত ঘুৰি আহিছে অসম আৰক্ষীৰ পূৰ্বৰ গৰিমা ।

ইফালে, একেখন সন্মিলনতে উপস্থিত থকা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সাংবাদিকক সম্বোধন কৰি কয়, অনাগত দিনত অসম আৰক্ষীৰ নতুন কৰ্মসূচী নিৰ্ধাৰণ কৰিব বুধবাৰৰ এই সন্মিলনে । এতিয়াৰে পৰা আৰক্ষীৰ সংস্কাৰ সাধন আৰু আধুনিকীকৰণত অধিক গুৰুত্ব দিয়াৰ লগতে গঠন কৰা হ'ব 10 টা নতুন কামাণ্ডো ফৰ্চ, নিযুক্তি দিয়া হ'ব 12 হাজাৰ যুৱক-যুৱতীক। ইয়াৰোপৰি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৰাজ্যৰ থানা সমূহত অ‍াৰক্ষীৰ দায়িত্বৰ সময় দুভাগত বিভক্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে ।

লগতে পঢ়ক: ছয়গাঁৱৰ গোৱৰ্ধনত CRPFৰ বৃক্ষৰোপণ কাৰ্যসূচী

Last Updated : Jun 9, 2021, 10:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.