গোলাঘাট, 31 জানুৱাৰী : বন্যহস্তীৰ উপদ্ৰৱে সাধাৰণ জনতাৰ নিদ্ৰাহৰণ কৰাৰ সমান্তৰালভাৱে এচাম লোকে বন্যহস্তীৰ ওপৰত অগ্নিসংযোগ, শেল আদি বিভিন্ন ধৰণে আক্ৰমণ কৰি আহত কৰিছে । হাতী মানুহৰ সংঘাতে(Man Elephant Conflict in Assam) চৰম পৰ্যায় লাভ কৰাৰ সময়তে এটি প্ৰকাণ্ড গজৰাজ আৰু এজনী ৩ বছৰীয়া কণমানি কন্যা শিশুৰ মধুৰ সম্পৰ্কই সকলোকে মোহিত কৰিছে ৷ নাই শংকা, নাই ভয়, এবাৰ যদি হাতীটোৰ সৈতে বল(Assam girl playing with Elephant ) খেলিছে আন এবাৰ আকৌ অভিমান কৰি খং কৰে কণমানিজনীয়ে ।
গোলাঘাটৰ এৰেঙাপাৰৰ লুহিত বৰা আৰু সঞ্চিতা বৰাৰ একমাত্ৰ কন্যা হৰ্ষিতা বৰাই মৰমৰ ডোলেৰে বশ কৰে গজৰাজক । জন্মৰ পৰাই দেখি থকা হাতীজনীৰ সৈতে বন্ধুত্বৰ এনাজৰি গঢ়ি তুলিছে কণমানিজনীয়ে ৷ হাতীজনীৰ নাম বিনু ৷ বিনু বিনু বুলি মাতি প্ৰকাণ্ড হাতীটো দেখিলেই ফূৰ্তি তথা আনন্দত আত্মহাৰা হৈ পৰে কণমানিজনী ।
মাউতৰ ভূমিকা গ্ৰহণ কৰি প্ৰকাণ্ড হাতীটোক আদেশ আৰু নিৰ্দেশ দিয়ে কণমানিজনীয়ে । বৰ্তমান ছ’চিয়েল মিডিয়াত ব্যাপক ভাইৰেল হৈছে হৰ্ষিতা আৰু গজৰাজৰ এই মধুৰ সম্পৰ্ক (Assam girl playing elephant video goes viral) ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ ওপজা দিনৰ বিশেষ অতিথি হ’ব মাজুলীৰ ৪৭ জনকৈ ভাগিন