ETV Bharat / state

অন্য সামগ্ৰীৰ পৰিৱৰ্তে সন্তানক গ্ৰন্থ উপহাৰ দিয়ক: মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 5:46 PM IST

গোলাঘাটত সঘনাই হৈ থকা হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে হাতীৰ বসতি স্থানসমূহ সংৰক্ষণ কৰাৰ লগতে খাদ্য-সামগ্ৰী যোগান ধৰাৰ পোষকতা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ বনাঞ্চলসমূহ যাতে কোনো কাৰণতে ধ্বংস কৰা নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

Himanta Biswa Sarma at Golaghat Book fair
গোলাঘাট গ্ৰন্থমেলাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গোলাঘাট গ্ৰন্থমেলাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গোলাঘাট, ২ ডিচেম্বৰ : পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহত শনিবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি অসম দিৱসৰ দিনা বৰ অসমৰ ভেটি গঢ়োতা চাউলুং চ্যুকাফাক স্মৰণ কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে তেওঁ গোলাঘাট জিলাৰ ইতিহাস, সাহিত্য, সংস্কৃতি আদি দিশৰ ওপৰতো আলোকপাত কৰে । আনহাতে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে এপিএছচি কেলেংকাৰীত জড়িত সকলো ব্যক্তিৰ ওপৰতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ইয়াৰ উপৰি গোলাঘাটত সঘনাই হৈ থকা হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে হাতীৰ বসতি স্থানসমূহ সংৰক্ষণ কৰাৰ লগতে খাদ্য-সামগ্ৰী যোগান ধৰাৰ পোষকতা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

বনাঞ্চলসমূহ যাতে কোনো কাৰণতে ধ্বংস কৰা নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ লগতে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে স্থায়ী সমাধানৰ ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি তেওঁ কয় ৷ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত, জিলা প্ৰশাসন আৰু বিভিন্ন দল-সংগঠন তথা গোলাঘাট জিলাবাসী ৰাইজৰ সহযোগত সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে সকলো পিতৃ-মাতৃকে তেওঁলোকৰ সন্তানক অন্য সামগ্ৰী দিয়াতকৈ এখন গ্ৰন্থ উপহাৰ দিবলৈ আহ্বান জনায় ৷

গ্ৰন্থমেলাৰ জৰিয়তে নতুন প্ৰজন্মৰ লেখকসকল উৎসাহিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰে ৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ৫ কোটি ২২ লাখ টকাৰে নিৰ্মাণ কৰা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহও শুভ উদ্বোধন কৰে ৷

মুখ্যমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে বিত্ত মন্ত্ৰী অজন্তা নেওগ, কৃষি মন্ত্ৰী অতুল বৰা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালী, জিলা আয়ুক্ত পি উদয় প্ৰবীণ, পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি দীপেন দত্ত, সম্পাদক স্বাগতা বৰা, গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ভূঞা, সম্পাদকদ্বয় মানৱ সন্দিকৈ আৰু তনুজ কুমাৰ মহন্ত, বিত্ত সম্পাদকদ্বয় সীমান্ত কলিতা, মনোজ বৰুৱা আদি ।

লগতে পঢ়ক :আজমলে সহায় কৰিলে নিৰ্বাচন নেখেলে ভূপেন বৰাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.