ETV Bharat / state

গোলাঘাট গ্ৰন্থমেলাৰ বাকৰিত অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকা - অসম সাহিত্য সভা

গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহত অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকা ৷ গ্ৰন্থমেলাস্থলীত সোমবাৰে অনুষ্ঠিত হোৱা জ্ঞানপীঠ বঁটা বিজয়ী ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জন্ম শতবাৰ্ষিকী অনুষ্ঠান উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ৷

Golaghat Book Fair 2023
গোলাঘাট গ্ৰন্থমেলা
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 10:02 PM IST

গোলাঘাট গ্ৰন্থমেলাত ড৹ সূৰ্যকান্ত হাজৰিকা

গোলাঘাট, 4 ডিচেম্বৰ : "আমাৰ নৱ-প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰাৰ বৌদ্ধিক পৰিৱেশ সৃষ্টি কৰিব পাৰিলেহে অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিৰ পথাৰখন অধিক সমৃদ্ধ হ'ব ৷ গোলাঘাটত তেনে এক পৰিৱেশ সৃষ্টিত সফল হৈছে পশ্চিম গোলাঘাট শাখা সাহিত্য সভা ৷ হাজাৰ -হাজাৰ ছাত্ৰ-ছাত্ৰীৰ গ্ৰন্থমেলাত অংশগ্ৰহণ সমাজৰ বাবে এক শুভ লক্ষণ ৷" এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাৰ ৷ গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহত সোমবাৰে উপস্থিত হৈ এইদৰে মন্তব্য কৰে সভাপতিজনে ৷

পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত, সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা, গোলাঘাট জিলা প্ৰশাসন, বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, ৰাইজৰ সহযোগত সমন্বয় ক্ষেত্ৰত 29 নৱেম্বৰৰ পৰা আয়োজিত গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহত সোমবাৰে অনুষ্ঠিত হোৱা জ্ঞানপীঠ বঁটা বিজয়ী ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জন্ম শতবাৰ্ষিকী অনুষ্ঠান উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই ৷ হেমা চৌধুৰী গগৈৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা গোলাঘাট গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ 'গ্ৰন্থকানন' অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে উন্মোচন কৰে ৷

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক, সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাই ৷ অনুষ্ঠানত আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক পূণ্যেশ্বৰ পূজাৰীয়ে। ৷ অনুষ্ঠানত যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ ৰাতুল বৰা, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পবিত্ৰ বৰবৰা, অসম সাহিত্য সভাৰ কোষাধ্যক্ষ মিহিৰজ্যোতি বৰুৱা, অসম সাহিত্য সভা সংবাদৰ সম্পাদক গৌতম গগৈ, নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি দ্বীপেন দত্ত, গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ভূঞা আদি উপস্থিত থাকে ৷ এই অনুষ্ঠানতে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত ড৹ পদ্মলোচন ভূঞাৰ গ্ৰন্থ 'কাব্যকানন' উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ হাজৰিকাই ৷

লগতে পঢ়ক : 6 ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে মেৰেৰচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.