ETV Bharat / state

গোলাঘাট সমষ্টি বিজেপিৰ দখললৈ যোৱাতো নিশ্চিত:কৃষ্ণমণি চুতীয়া

author img

By

Published : Nov 7, 2020, 9:40 PM IST

২০২১ৰ বিধানসভা নিৰ্বাচনত গোলাঘাট সমষ্টি বিজেপিৰ দখললৈ যোৱাতো ১০০ শতাংশ খাটাং গোলাঘাটত বিজেপিৰ সাংগঠনিক সভাত অংশ লৈ এই মন্তব্য় কৰে বিজেপিৰ গোলাঘাট জিলাৰ প্ৰভাৰী তথা জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই।

গোলাঘাট সমষ্টি বিজেপিৰ দখললৈ যোৱাতো নিশ্চিত:কৃষ্ণমণি চুতীয়া
গোলাঘাট সমষ্টি বিজেপিৰ দখললৈ যোৱাতো নিশ্চিত:কৃষ্ণমণি চুতীয়া

গোলাঘাট, ৭ নৱেম্বৰ: গোলাঘাট সমষ্টিত ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ক লৈ দৃঢ় বিশ্বাসী হোৱা দেখা গ'ল গোলাঘাট জিলাৰ প্ৰভাৰী কৃষ্ণমণি চুতীয়াক। শনিবাৰে দলৰ সাংগঠনিক সভাত অংশ লৈ গোলাঘাট সমষ্টি বিজেপিৰ দখললৈ যোৱাতো ১০০ শতাংশ খাটাং বুলি মন্তব্য কৰে কণ্ঠশিল্পীগৰাকীয়ে। বহু বছৰ ধৰি গোলাঘাট সমষ্টি কংগ্ৰেছৰ দখলত আছিল।

শনিবাৰে গোলাঘাটত বিজেপিৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি বিজেপিৰ সাংগঠনিক দিশৰ বিষয়ত কাৰ্যকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হয়। আনহাতে, বিজেপি চৰকাৰ শাসনলৈ আহিলে অসমৰ মা, ভনীৰ শ্লীলতা হানি হ'ব বুলি বদৰুদ্দিন আজমলৰ নিৰ্বাচনী সভাত কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ কয় যে, 'অসমীয়া জাতিৰ প্ৰতি নিকৃষ্ট চিন্তাধাৰা থকা লোকেহে এনে মন্তব্য কৰাৰ সাহস কৰিব পাৰে৷'
লগতে পঢ়ক:কৰিমগঞ্জতো আকছাৰ বৰাক বন্ধৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.