গোলাঘাট, ১১ নৱেম্বৰ: বন্যহস্তীৰ উপদ্ৰৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে নুমলীগড়ৰ বিভিন্ন অঞ্চলত। নুমলীগড়ৰ মৰঙীত দিনে-নিশাই ধাননি পথাৰত অৱস্থান কৰে বনৰীয়া হাতীৰ বৃহত্ জাকে। ফটকা ফুটাই, জুই জ্বলাই হাতী খেদাৰ চেষ্টা কৰিও নিৰাশ হৈছে স্থানীয় ৰাইজ। নুমলীগড়ৰ মৰঙীৰ পোৰাবঙলা, হালোৱাগাঁও আৰু গীদিবস্তিত খাদ্যৰ সন্ধানত ওলাই অহা হাতীয়ে স্থানীয় লোকক আক্ৰমণ কৰিবলৈ চোঁচা লয়। ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী।
আনকি বন কৰ্মীয়ে শূন্যলৈ গুলীচালনা কৰাৰ পিছতো বনাঞ্চললৈ উভতি যোৱা নাই হাতীৰ জাকটো। হাতীৰ খেদাৰ সকলো উপায় অৱলম্বন কৰাৰ পিছতো ব্যৰ্থ হোৱাত অসহায় হৈ পৰিছে বন বিভাগ। হাতীয়ে বিঘাই বিঘাই ধান খাই, গচকি নষ্ট কৰাত মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। বহু চেষ্টা কৰিও পকা ধান থকা পথাৰৰ পৰা খেদি পঠাব পৰা নাই বন্যহস্তীৰ জাকটোক। পুৰাবাংলা খণ্ড বন বিভাগৰ কাৰ্যালয়ত সীমিত বন কৰ্মীয়ে দিনে-ৰাতিয়ে কষ্ট কৰিছে যদিও হাতীৰ এই বৃহৎ জাকটোক খেদি পঠোৱাত বিফল হৈছে।
![নুমলীগড়ৰ মৰঙীত হাতী-মানুহৰ ভয়াৱহ সংঘাত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-802-11nov-elephantterror-vis-byte-as10024_11112020131653_1111f_1605080813_1007.jpg)
মাত্ৰ কেইজনমান বন কৰ্মীয়ে বৃহত্তৰ অঞ্চলটোত হাতী খেদিবলৈ চেষ্টা কৰিবলগীয়া হোৱাত অসুবিধাৰো সন্মুখীন হৈছে। পুৰাবাংলা খণ্ড বন বিভাগৰ কাৰ্যালয়ত অধিক বন কৰ্মী তথা হাতী খেদাৰ উন্নত ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৰাইজে। উল্লেখ্য যে, মঙলবাৰে নুমলীগড়ৰ একাংশ ৰাইজে হাতী খেদাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ আৰু ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ প্ৰদানৰ দাবীত প্ৰতিবাদো সাব্যস্ত কৰিছিল। বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নুমলীগড়ৰ ৰাইজে।
লগতে পঢ়ক:ৰূপহীহাটত ৰাইজৰ দলৰ ব্যাপক তৎপৰতা