গোলাঘাট,27 মেঃ ৰাজ্যৰ ভিতৰত সৰ্বাধিক কৰ'ণাত আক্ৰান্ত ৰোগী চিনাক্ত হৈছে গোলাঘাট জিলাত । এই পৰ্যন্ত জিলাখনত চিনাক্ত হৈছে 140 গৰাকী কোভিড 19 পজিটিভ ৰোগী । বুধবাৰে বহিঃৰাজ্যৰ পৰা জিলাখনলৈ আহে 300ৰো অধিক যাত্ৰী । চেন্নাইৰ পৰা 'এগমৰ চেন্নাই এক্সপ্ৰেছ'যোগে ফৰকাটিং জংছনত আহি উপস্থিত হয় যাত্ৰী সকল । আনহাতে, যাত্ৰী সকলৰ জংছনতে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ উপৰিও গোলাঘাট ইঞ্জিনিয়াৰিয়ং মহাবিদ্যালয়ত 'swab test'ৰ বাবে নমুনা সংগ্ৰহ কৰি কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে, জিলাখনত বৰ্তমান 1400ত কৈও অধিক লোকক কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছে ।
লগতে পঢ়ক-চিৰাঙত একেদিনাই উদ্ধাৰ তিনিটাকৈ দুস্প্ৰাপ্য বন্য প্ৰাণী