তিতাবৰ, 25 জুনঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে গোলাঘাটলৈ ৷ তিতাবৰৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ছাত্ৰ এপ'ল' কাশ্যপে কলা শাখাত মুঠ 467 নম্বৰেৰে শীৰ্ষ দহটা স্থানৰ ভিতৰত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ খুমটাইৰ চিনাতলী গাঁৱৰ শিক্ষক মেকমোহন বৰা আৰু জোনালী বৰাৰ পুত্ৰ এপ'ল'ৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে সকলো ৷
মেধাৱী ছাত্ৰগৰাকীয়ে নিজকে ভৱিষ্যতে এগৰাকী সু-নাগৰিক আৰু প্ৰশাসনিক বিষয়া হিচাপে গঢ়ি তোলাৰ আশা মনত পুহি ৰাখিছে ৷ ছাত্ৰগৰাকীয়ে পঢ়াৰ লগতে নিজে যিখন ক্ষেত্ৰত পাৰ্গত সেই ক্ষেত্ৰখনতো সমানে আহুৱাই যাবলৈ তেওঁৰ অনুজ সকলক উপদেশ দিয়ে ৷ তেওঁৰ মতে বৰ্তমান সময়ত পঢ়া-শুনাৰ লগতে আন আন ক্ষেত্ৰতো নিজকে প্ৰতিষ্ঠা কৰাৰ যথেষ্ট থল আছে ৷ তেওঁ নিজৰ সফলতাৰ বাবে পিতৃ-মাতৃৰ লগতে শিক্ষাগুৰুসকলক কৃতজ্ঞতা জ্ঞাপন কৰে ৷
লগতে পঢ়কঃ উচ্চতৰ মাধ্যমিকত বিহপুৰীয়ালৈ গৌৰব কঢ়িয়ালে দুই কৃতিমানে