গোলাঘাট, 8 ছেপ্তেম্বৰঃ গোলাঘাটৰ জামুগুৰি থানাৰ অন্তৰ্গত মিৰিগাঁৱৰ দ চুকৰ তেল চুৰি কাণ্ডৰ লগত জড়িত চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ শেহতীয়াকৈ চক্ৰটোৰ লগত জড়িত আৰু এজন তেল চোৰক দেওবাৰে আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ ৷
দেওবাৰে গোলাঘাটৰ তেতেলীতলৰ সমীপত চলা অভিযানত আৰক্ষীৰ দ্বাৰা আটক হ’ল তেল চুৰি কাৰ্যত ব্যৱহৃত টেংকাৰৰ আন এজন স্বত্তাধিকাৰী জয় হাজৰিকা । উল্লেখ্য যে,মিৰিগাঁৱৰ দ চুকৰ তেল চুৰি কাণ্ডৰ লগত জড়িত চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই অসাধু চক্ৰটোৰ 6 অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ৷ অৱশ্যে তেল চুৰি চক্ৰটোৰ মুল অভিযুক্ত বিজিত বৰা বৰ্তমানেও হৈ আছে পলাতক ৷
দেওবাৰৰ এই অভিযানত আৰক্ষীয়ে মুল অভিযুক্ত বিজিত বৰাৰ বাসগৃহৰ পৰা তেল ভৰ্তি টেংকাৰ সহ 48 টা তেল ভৰ্তি ড্ৰাম, এখন ট্ৰেকাৰ আৰু 80 টা খালি ড্ৰাম জব্দ কৰিবলৈ সক্ষম হয় ৷ অধিক তথ্যৰ লগতে পলাতক অপৰাধীক কৰায়ত্বৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷