গোলাঘাট,17মে': জু ৰোডৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ সৈতে জৰিত জাহ্নবী শইকীয়াৰ সৈতে যোগসূত্ৰ থকাৰ অভিযোগত গোলাঘাটৰ প্ৰাক্তন আলফা নেতাক আটক । শুকুৰবাৰে প্ৰাক্তন আলফা অমৃত বল্লভ গোস্বামীক আটক কৰে গোলাঘাট আৰক্ষীয়ে । গোলাঘাট আৰক্ষীয়ে নিশা জামুগুৰী আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীজুৰি নিজা বাসগৃহৰ পৰা আটক কৰে প্ৰাক্তন আলফা অমৃত বল্লভ গোস্বামীক । গোলাঘাট আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে জনোৱা অনুসৰি বৰ্তমানলৈকে অমৃত বল্লভ গোস্বামীক গ্ৰেপ্তাৰ কৰা হোৱা নাই, তেওঁক সোধা পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইপিনে বোমা বিস্ফোৰণৰ লগত জাহ্নৱীৰ সৈতে সম্পৰ্ক সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই । উল্লেখ্য যে IED Expart আৰু পূৰ্বতে আলফাত থকা সময়ত বোমা বিশেষজ্ঞ হিচাপে পৰিচিত অমৃত বল্লভ গোস্বামীক সন্দেহত সোধ-পোচৰ বাবে আটক কৰা বুলি জনাই গোলাঘাট আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে ।
আৰু পঢ়ক- "সংগ্ৰামৰ লগত মই জড়িত, বিস্ফোৰণৰ লগত নহয়"- প্ৰাণময় ৰাজগুৰু