ETV Bharat / state

Thengal Kachari Parishad Election: ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত - preparation for thengal kachari autonomous council election

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ সৰুপথাৰতো প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা ৷ শাসক-বিৰোধী উভয়ে ব্যস্ত নিৰ্বাচনী প্ৰচাৰত (All party preparation for thengal kachari autonomous council election) ৷

Barpathar Thangal Kashari Election
ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত
author img

By

Published : Jan 10, 2022, 8:23 AM IST

Updated : Jan 10, 2022, 12:52 PM IST

সৰুপথাৰ, 10 জানুৱাৰী: 20 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী বতাহ বলিছে সৰুপথাৰতো ৷ 94 নং সৰুপথাৰ বিধানসভা সমষ্টিতেই আছে স্বায়ত্তশাসিত পৰিষদৰ 12 নং গেলাবিল পৰিষদীয় সমষ্টি ৷ নিৰ্বাচনত সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ শাসক-বিৰুধী উভয়ে চলাইছে ব্যাপক তৎপৰতা ৷ প্ৰতিটো দলেই নিজ নিজ প্ৰাৰ্থী প্ৰক্ষেপ কৰি নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত (All party preparation for thengal kachari autonomous council election)৷

বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাথী মৃনালী হাজৰিকা শইকীয়াৰ হৈ দুয়োটা দলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ (Thengal Kachari Parishad election campaign) ৷ বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ উন্নয়ণ মূলক আঁচনি আৰু স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ সমষ্টি উন্নয়ণৰ ধাৰাকলৈ ভোটাৰৰ কাষ চাপিছে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাথী গৰাকী ৷

ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

ইফালে পিচ পৰি ৰোৱা নাই অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমি পাৰ্টিও (AAP) ৷ দলটোৱে নাৰায়ণ বৰাক প্ৰাৰ্থীত্ব প্ৰদান কৰি সমষ্টিটো দখলৰ বাবে চলাইছে আপ্ৰাণ চেষ্টা ৷ দুৰ্নীতিৰ বিৰুদ্ধে আৰু মূল্যবোধৰ ৰাজনীতি কৰাৰ প্ৰতিশ্ৰুতিৰে ঘৰে ঘৰে গৈ ভোট বিচৰাত নামি পৰিছে আপৰ প্ৰাৰ্থী গৰাকী ৷

আনহাতে ভাৰতীয় জাতীয় কংগ্ৰেছে 12 নং গেলাবিল ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদীয় সমষ্টিত প্ৰাৰ্থীত্ব দিছে হিৰণ্য বৰাক ৷ অন্য দল সমূহৰ তুলনাত নিষ্প্ৰভ হৈ পৰা দেখা গৈছে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ প্ৰচাৰ ৷ অৱশ্যে 12 নং গেলাবিল পৰিষদীয় সমষ্টিত কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব, সেইয়া নিৰ্ণয় হ’ব পৰিষদীয় সমষ্টিটোৰ 3,141 গৰাকী ভোটাৰৰ ভোটদানৰ ওপৰত ৷

লগতে পঢ়ক: সৰুপথাৰ সমষ্টিত ঠেঙাল-কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ বিজেপি

Last Updated : Jan 10, 2022, 12:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.