সৰুপথাৰ, 5 জুলাইঃ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অন্তৰ্গত সৰুপথাৰ-উৰিয়ামঘাট সংযোগী পথটোৰ পুনৰ মেৰামতিৰ দাবী জনায় অহা পিছটো কাণ-সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ ফলত শুকুৰবাৰে ৰজাপুখুৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত পূজা অৰ্চনা কৰি নাম-প্ৰসংগৰে ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে।
স্থানীয় ৰাইজৰ মতে পথৰ ভৰণ ক্ষমতাতকৈ অত্যাধিক ওজন কঢ়িয়াই নিয়াৰ বাবেই ধনশিৰি মহকুমাৰ সকলোবোৰ বাট-পথ বিধ্বস্ত হৈ পৰিছে ৷ সেয়ে বিগত বহু দিনৰ পৰা পথ মেৰামতিৰ দাবী জনায় আহিছে স্থানীয় ৰাইজে ৷ ত্বৎসত্বেও বৰ্তমানলৈ পথ মেৰামতি নোহোৱাৰ ফলত তীব্ৰ ক্ষোভ ব্যক্ত কৰে স্থানীয় ৰাইজে ৷ আনহাতে এই প্ৰতিবাদৰ ফলত মূল পথছোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৷