গোলাঘাটৰ পৰা সদম্ভ ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । এক বিশেষ প্ৰতিবেদন..
আকৌ এবাৰ মোডী চৰকাৰ - modi government
দ্বিতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোডী হ'ব প্ৰধানমন্ত্ৰী
গোলাঘাটৰ পৰা সদম্ভ ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । এক বিশেষ প্ৰতিবেদন..
Desk. সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কয় নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতবৰ্ষত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । অসমৰ মানচিত্ৰত চাহ শ্ৰমিকে বিশ্বত পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে । কংগ্ৰেছে ৫৫ বছৰ শাসনত থাকিও কোনো উল্লেখযোগ্য পদক্ষেপ লব নোৱাৰিলে । নৰেন্দ্ৰ মোডীয়ে উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । অসমৰ প্ৰতিখন চাহ বাগিচাত সৰ্বাঙ্গীণ উন্নয়ন সাধিছে বি জে পিয়ে । বিমুদ্ৰাকৰণৰ জৰিয়তে চাহ শ্ৰমিক সকলে বেংক একাউণ্ট খুলিলে । ৰাজ্যৰ আঠ লাখ চাহ শ্ৰমিকে বেংক একাউণ্ট খুলিলে । এতিয়া কোনো দালালে ধন আত্মসাৎ কৰিব নোৱাৰা হল । দহ বছৰৰ পিছত চাহ শ্ৰমিকলৈ বলিষ্ঠ পৰিবৰ্তন আহিব । চাহ শ্ৰমিকৰ লৰা ছোৱালীয়ে পঢ়াৰ বাবে চিন্তা কৰিব নেলাগে । চাহ শ্ৰমিকৰ বাবে ১০০ খন হাইস্কুল খুলিব । চাহ বাগানীয়া ভাষাত বক্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । চাহ শ্ৰমিকৰ মাজত বহুত প্ৰতিভা আছে । কংগ্ৰেছে ৫৫ বছৰত এই সমুহক গুৰুত্ব প্ৰদান নকৰিলে । এতিয়া সকলো চাহ বাগিচাত ফেভাৰ ব্লক পথ নিৰ্মাণ কৰা হল । সকলো শ্ৰমিক গৰ্ভৱতী মহিলাক আচনিৰ জৰিয়তে পইচা দিয়া হৈছে । পইচা ডাঙৰ নহয় , মৰম ডাঙৰ । বি জে পি চৰকাৰে মৰম দিছে । অনগ্ৰহতাৰ বাবেই বহু পৰিয়াল সামাজিক ব্যাধি আৰু কুসংস্কাৰ আছে । কংগ্ৰেছে কোনো গুৰুত্ব নিদিলে । কথাৰে নহয় বন্ধু কামেৰে পৰিচয় দিব লাগিব । সেয়ে বি জে পিয়ে কাম কৰিছে । কংগ্ৰেছে চাহ শ্ৰমিকক বহু পিছুৱাই নিলে বি জে পিয়ে আগুৱাই নিব । চাহ বাগিচা এলেকাত নিজৰ জন্ম বুলি কৈ নষ্টালজিক হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱাল । পুনৰ নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হব । আকৌ এবাৰ মোডী চৰকাৰ হব । নৰেন্দ্ৰ মোডী চৰকাৰত সকলো সুৰক্ষিত । সেয়ে পদুমৰ ছৱিত ভোট দি বি জে পিক জয়ী কৰোৱাৰ আহবান জনাই ।
Desk. সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় বি জে পিয়ে শাসনভাৰ লোৱাৰ পিছৰে পৰা চাহ জনগোষ্ঠীৰ উন্নয়নৰ কথা চিন্তা কৰিছে । তিনি মাহৰ ভিতৰত ৭ লাখ ৯২ হেজাৰো অধিক শ্ৰমিকে একাউণ্ট খুলিলে । চাহ জনগোষ্ঠীৰ বাবে বহু আচনি হাতত লৈছে বি জে পি চৰকাৰে । অটল পেঞ্চন আচনি, দুৰ্ঘটনা বীমা আচনি , পথ পকীকৰণ কৰা হয় । ৫৭০ বাগিচাত পথ পকীকৰণৰ বাবে ৫৭০ কোটি টকা মোকলাই দিছে । ৰোগীক তেজ প্ৰদানৰ বাবে নতুন বাছ ক্ৰয় কৰিছে । এই তেজ ৩০ শতাংশ চাহ বাগিচা শ্ৰমিকৰ বাবে সংৰক্ষণ কৰি ৰাখিব । বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকৰ বাবে আচনি লৈছে । তিনি টকীয়া চাউল বিনামূলীয়া কৰি দিয়া হল । বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন বৃদ্ধি কৰা হল । মে মাহৰ পৰা প্ৰতি পৰিয়ালে দুই কিলো গ্ৰামকৈ বিনামূলীয়া চেনী যোগান ধৰিব । অহা বছৰৰ পৰা কেৰাচিন তেল বিনামূলীয়াকৈ যোগান ধৰিব । ২০ বছৰ ধৰি যি পৰিয়ালে বসবাস কৰিব বুলি বাগিচা কৰ্তৃপক্ষক লিখি দিব তেওঁক ঘৰ বনাবলৈ এক লাখকৈ টকা দিব । চাহ বাগিচাৰ শিক্ষিত যুৱকক এক লাখকৈ ঋণ প্ৰদান কৰিব , ইয়াৰে ২৫ হেজাৰ টকা চৰকাৰী অনুদান লাভ কৰিব । এই আচনিৰ বাবে প্ৰশিক্ষণ হব । প্ৰতি বছৰে দহ হেজাৰ যুৱকক এই আচনিত অন্তৰ্ভূক্ত কৰিব । বিদ্যালয়ত বিনামূলীয়া ইউনিফৰ্ম পাব , ব্ৰেকফাষ্ট দিব, দুপৰীয়া আহাৰ দিব, বিদ্যালয় ছুটি ৰ পিছত পুনৰ আহাৰ পাব । স্নাতক পৰ্যন্ত কিতাপ বিনামূলীয়া, মেট্ৰিক পাছ কৰা প্ৰতি চাহ বাগিচাৰ যুৱক যুৱতীক চলিবলৈ হাত খৰচ দিব দহ হেজাৰকৈ টকা দিব । ছোৱালী বিয়াত এক তোলাকৈ সোণ বিনামূলীয়াকৈ দিব । বাগিচাৰ প্ৰতি বছৰে ৫০০ ছোৱালীক নাৰ্চ পঢ়োৱাব । ২৫০ জি এন এম আৰু ২৫০ এ এন এম পঢ়ুৱাব । ২০২১ চনলৈ অসমৰ চাহ বাগিচাত বৈপ্লৱিক পৰিৱৰ্তন আনিব বি জে পি চৰকাৰে । চাহ জনগোষ্ঠীৰ শক্তিশালী হলেই অসমৰ পৰিবৰ্তন হব । আৰু ৫ বছৰ কাম কৰিবলৈ সুবিধা প্ৰদান কৰিবলৈ চাহ শ্ৰমিক সকলক আহবান ।
Conclusion: