ETV Bharat / state

গোলাঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

author img

By

Published : Jul 3, 2020, 4:50 PM IST

শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত গোলাঘাটত জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ । চৰকাৰ আৰু মূল্যবৃদ্ধি বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

গোলাঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ

গোলাঘাট, 3 জুলাই : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত শুকুৰবাৰে গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহেৰে আছুৱে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

নৰেন্দ্ৰ মোদী গ' বেক, সৰ্বানন্দ সোণোৱালৰ লাজ নাই, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । চৰকাৰক সকীয়নি প্ৰদান কৰি অতি শীঘ্ৰেই চৰকাৰক মূল্যবৃদ্ধি ৰোধৰ দাবী জনায় ছাত্র সন্থাই । অন্যথা ভৱিষ্যতে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক : শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ প্ৰতিবাদী সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.