ETV Bharat / state

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ

author img

By

Published : Nov 29, 2019, 6:55 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বাতিলৰ দাবীত আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ বাক্সা,গোলাঘাট আদিত প্ৰতিবাদী চাইকেল ৰেলী ৷

AASU PROTEST AGAINST CAB
AASU PROTEST AGAINST CAB

নিউজ ডেস্ক, নৱেম্বৰ 29: কেবৰ বিৰোধিতাৰে উত্তাল ৰাজ্য ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বাতিলৰ দাবীত আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ বাক্সাৰ তামুলপুৰত প্ৰতিবাদকাৰী বৃহৎ চাইকেল ৰেলী উলিয়াই আছু নেতৃত্বই ৷ গোলাঘাট চহৰৰ মাজমজিয়াতো আজি দেখিবলৈ পোৱা গ'ল একেই প্ৰতিবাদী মিচিল ৷ CABৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ গোলাঘাট জিলা ছাত্ৰ সন্থাই নগৰৰ মাজেৰে এক চাইকেল ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমান্তৰালকৈ,মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থায়ো উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ পৰা জাগুনলৈকে 38 নং ৰাষ্ট্ৰীয় ঘাই পথেদি বাইক ৰেলীৰে আয়োজন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ এনেদৰে আজি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ভিন্ন কাৰ্যসূচীৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷

কেবৰ বিৰোধিতাৰে উত্তাল ৰাজ্য

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্বজ্ঞানহীন কাণ্ড

Intro:বাক্সাৰ তামুলপুৰত আছুৰ চাইকেল ৰেলী ।

Body:নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থা আৰু গান্ধীবাৰী আঞ্চলিক ছাত্ৰ সন্থাই আজি তামুলপুৰৰ বিভিন্ন ঠাইত নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিলৰ দাবীত এক বৃহত চাইকেল সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। সমদলকাৰী সকলে নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিল কৰক, কসম চুক্তি ৰূপায়ণ কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, আদি শ্লোগানেৰে তামুলপুৰ আকাশ বতাহ কপাই তোলে। তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা চাইকেল ৰেলীটো তামুলপুৰ- লাউপাৰা- নাগ্ৰিজুলি গৈ পুণৰ তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্যালয়ত সামৰণি পৰিব।
Conclusion: উল্লেখ যে আজিৰে পৰা তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থা আৰু গান্ধীবাৰী আঞ্চলিক ছাত্ৰ সন্থাই তামুলপুৰৰ বিভিন্ন এলেকাত ২ ডিচেম্বৰলৈ চাইকেল শোভাযাত্ৰাৰে কেব বিৰোধী প্ৰতিবাদ আগুৱাই নিব বুলি জানিব দিয়ে।

ভাষ্য : ছাত্র নেতা

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.