গোলাঘাট, 22 জুন : এখন ঠেলাত চিকিৎসালয়লৈ আনিবলগীয়া হ'ল এগৰাকী গুৰুতৰভাৱে আহত মহিলাক ৷ এই পৰিস্থিতি সৃষ্টি হৈছে গোলাঘাট জিলাৰ পদুমণি গাঁৱত ৷ জনস্বাস্থ্যৰ প্ৰতি ৰাজ্যৰ স্বাস্থ্য বিভাগে অধিক তৎপৰতা প্ৰদৰ্শন কৰা সময়তে আহত মহিলাক ঠেলাত চিকিৎসালয়লৈ নিবলগীয়া হোৱা ঘটনাই এতিয়া সকলোৰে মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷
জানিব পৰা মতে, গোলাঘাট জিলাৰ পদুমণিৰ নিবাসী নিৰ্মলা নায়ক নামৰ মহিলাগৰাকীক পাৰিবাৰিক কন্দলৰ বাবে স্বামী মেঘা নায়কে মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে । এই ঘটনাৰ পাচতে আত্মীয়ই মহিলা গৰাকীক চিকিৎসালয়লৈ নিবৰ বাবে ১০৮ লৈ ফোন কৰিছিল যদিও ১০৮ কৰ্তৃপক্ষৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰিলে ৷ যাৰ পৰিপেক্ষিতত ঠেলাত চিকিৎসালয়লৈ নিবলগীয়া হ'ল মহিলাগৰাকীক ৷
উল্লেখ্য যে, পদুমণিৰ পৰা প্ৰায় 7 কিল’মিটাৰ দূৰত্বত থকা চিকিৎসালয়লৈ ঠেলাত লৈ যোৱা হ'ল মহিলাগৰাকীক ৷
"108 কৰ্তৃপক্ষৰ সৈতে যোগাযোগ স্থাপন কৰিবৰ বাবে বহুবাৰ চেষ্টা কৰা হ'ল ৷ কিন্তু 108 কৰ্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই গুৰুত্ব প্ৰদান নকৰিলে ৷ মহিলা গৰাকীক ঠেলাত 7 কিল’মিটাৰ লৈ অহাৰ পাচত গোলাঘাটৰ মিচন তিনিআলিৰ পৰা এখন বাহনত উঠাই চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ 108 সেৱা ক্ষমতাশালী লোকৰ বাবেহে, দৈনিক হাজিৰা কৰি দুবেলা-দুমুঠিৰ চিন্তা কৰাসকলৰ বাবে নহয়" বুলি ক্ষোভ প্ৰকাশ কৰি ঘটনাৰ সন্দৰ্ভত এইদৰে কয় স্থানীয় লোকে ৷
লগতে পঢ়ক: এজন ব্যক্তিয়ে দুটা নামত কিদৰে ল'ব পাৰে বেংকৰ ঋণ !