ETV Bharat / state

সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

author img

By

Published : Jun 15, 2020, 8:31 PM IST

ধনশিৰি মহকুমাৰ সদৰ সৰুপথাৰত সোমবাৰে অনুষ্টুপীয়াকৈ শ্বহীদ কুশল কোঁৱৰৰ 77 তম মৃত্যু বাৰ্ষিকী উপলক্ষে পালন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

সৰুপথাৰ, 15 জুনঃ ১৯৪৩ চনৰ ১৫ জুনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী কুশল কোঁৱৰক বৃটিছ চৰকাৰে ৰে'ল বগৰোৱাৰ অভিযোগত প্ৰদান কৰিছিল মৃত্যুদণ্ড ৷ ১৯৪৩ চনৰ আজিৰ দিনটোতেই ফাঁচী কাঠত ওলমিছিল শ্বহীদ গৰাকী ৷ ধনশিৰি মহকুমাৰ সদৰ সৰুপথাৰত সোমবাৰে অনুষ্টুপীয়াকৈ, শ্বহীদ গৰাকীৰ ৭৭ তম মৃত্যু বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

সোমবাৰে পুৱা সৰুপথাৰ ৰাজহুৱা ভৱন চৌহদত থকা শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তিত ধনশিৰি মহকুমাৰ মহকুমাধিপতি, দিবাকৰ নাথে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে ৷ ইয়াৰোপৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুক্তি যুঁজাৰু সংস্থা, ধনশিৰি কৰ্মচাৰী পৰিষদ, ধনশিৰি মহকুমা সাংবাদিক সংস্থাকে ধৰি ভিন্ন সংস্থাৰ কেইবাগৰাকীও বিষয়ববীয়াই শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ এই অনুষ্ঠানতে সৰুপথাৰ ৰে'ল ষ্টেচনৰ সমীপত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি ৰক্ষাৰ্থে এটি উদ্যান স্থাপনৰ বাবে অসম চৰকাৰক আহ্বান জনায় মুক্তি যুঁজাৰু সংস্থাই ৷

লগতে পঢ়কঃ একেলগে হাত ভৰি মুখেৰে ছবি আঁকিব পৰা যুৱকজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.